নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল ধুবুৰীৰ তাছীন মুত্তাকি

ধুবুৰী জিলাৰ বাবে গৌৰৱৰ খবৰ। NEET (UG)-২০২৬ত অসাধাৰণ ফলাফল প্ৰদৰ্শন কৰি ধুবুৰীৰ মহম্মদ তাছীন মুত্তাকি সৰকাৰে সৰ্বভাৰতীয় ৰেংক (AIR) ২১৩ লাভ কৰিবলৈ সক্ষম হৈছে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী হাওৰাৰপাৰৰ তাছীনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ মোবাৰক হুছেইন আৰু মাতৃ তাছমীন বেগম।

ধুবুৰী জিলাৰ পাণবাৰীস্থ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই মেধাৱী ছাত্ৰগৰাকীয়ে প্ৰথম প্ৰচেষ্টাতেই NEET (UG) পৰীক্ষাৰ সৰ্বভাৰতীয় পৰ্যায়ত ২১৩ নম্বৰ ৰেংক লাভ কৰাটো এক উল্লেখযোগ্য সাফল্য বুলিও বিবেচিত হৈছে।

প্ৰাপ্ত তথ্য মতে, ছাত্ৰগৰাকীয়ে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৬৮৫ নম্বৰ লাভ কৰাৰ লগতে ৯৯.৯৮৯২৯৯৪ পাৰ্চেণ্টাইল অৰ্জন কৰিছে। বিষয়ভিত্তিক পাৰ্চেণ্টাইলৰ ভিতৰত পদাৰ্থ বিজ্ঞানত ৯৯.৯৯৪৯, ৰসায়নত ৯৯.৯৯০১ আৰু জীৱবিজ্ঞানত ৯৬.৬০২৪ পাৰ্চেণ্টাইল লাভ কৰিছে তাছীনে। উল্লেখ্য যে Gen-EWS শ্ৰেণীত সৰ্বভাৰতীয় ১১ নম্বৰ ৰেংক লাভ কৰি এক উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে তাছীনে।

ছাত্ৰগৰাকীৰ এই সাফল্যই ধুবুৰী জিলাৰ শিক্ষা ক্ষেত্ৰলৈ নতুন আশা আৰু অনুপ্ৰেৰণা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। সমান্তৰালভাৱে চিকিৎসক হোৱাৰ সপোন দেখা অসংখ্য শিক্ষাৰ্থীৰ বাবে তাছীন মুত্তাকি সৰকাৰৰ এই কৃতিত্ব নিঃসন্দেহে এক অনুকৰণীয় দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে।

You might also like