কামৰূপ জিলাৰ পৰিবহণ বিভাগৰ নেতৃত্বত আমিনগাঁওত এশ টেম্পু চালকক সাহায্য প্ৰদান
নিয়মীয়া বাৰ্তা ১৩ এপ্ৰিলঃ চীনৰ য়ুহান চহৰৰ পৰা বিয়পি পৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণত সমগ্ৰ বিশ্বই আতংকিত হৈ পৰিছে। যাৰবাবে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ নিমিত্তে সমগ্ৰ বিশ্বই এক যুঁজত নামি পৰিছে। ভাৰততো দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২১ দিনীয়া লক ডাউনৰ মাধ্যমৰে এই ভাইৰাছৰ সংক্ৰমণৰ শিকলি ডাল চিগিবলৈ মানুহৰ মাজত সামাজিক ব্যৱধান অনাৰ প্ৰয়াসেৰে ঘৰতে থাকিবলৈ দিয়াত দুখীয়া নিচলাকে আদি কৰি সৰ্বসাধাৰণ ৰাইজৰ মাজত অভাবনীয় খাদ্য সংকটৰ সৃষ্টি হৈছে। অসমত ইয়াৰ পৰিপ্ৰেক্ষিততে বিভিন্ন ব্যক্তি আৰু দল সংগঠনে ৰাইজৰ মাজত ৰেচন সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দিয়া পৰিলক্ষিত হৈছে । কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা পৰিবহন বিষয়া গৌতম দাসেও আমিনগাঁও পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আমিনগাঁও আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ প্ৰায় এশ জন টেম্পো চালকৰ পৰিয়াললৈ ৰেচন সামগ্ৰীকে ধৰি ছেনিটাইজাৰ, মাক্স আদি প্ৰদান কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে। কামৰূপ জিলা প্ৰশাসনৰ সহযোগত জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা হোৱা এই সাৰ্হায্য প্ৰদানৰ সময়ত উপায়ুক্ত গৰাকীয়ে এই কামৰ বাবে পৰিবহন বিষয়া গৌতম দাসে লোৱা পদক্ষেপৰ বাবে শলাগ লৈ ক’ভিড ১৯ ৰ বিৰুদ্ধে আমি সকলোৱে সংকল্পবদ্ধ ভাবে যুঁজ দিব লাগিব বুলি উল্লেখ কৰে। এই যুঁজত নেতৃত্ব লৈ থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মূখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ কামক শলাগি তেখেত সকল এই যুঁজৰ একো একোজন সৈনিক বুলি ব্যক্ত কৰি ক’ভিড ১৯ ৰ বিৰুদ্ধে তেখেত সকলে নিৰন্তৰ যুঁজি যাব বুলি উল্লেখ কৰে । পৰিবহন বিষয়া গৌতম দাসেও সাহাৰ্য্য বিতৰণৰ সময়ত ৰাজ্যত লক ডাউনৰ সময়ত দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ যি বিলাই বিপত্তি হৈছে তাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিয়াল খিনিক এই দুখীয়া সৰ্বসাধাৰণ ৰাইজক সাহাৰ্য্য প্ৰদান কৰিবলৈ যি আহ্বান জনাইছিল সেইটোক পুৰ্ণ সমৰ্থন জনাই পৰিবহন মন্ত্ৰী, পৰিবহন আয়ুক্তৰ পৰামৰ্শ মতে আজি জিলা পৰিবহন কাৰ্যালয়ৰ ফালৰ পৰা এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি পৰিবহণ বিষয়া দাসে জানিবলৈ দি আজিৰ এই কাৰ্য্যসূচীত সহযোগীতা আগবঢ়োৱাৰ বাবে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যক ধন্যবাদ জ্ঞাপন কৰে।