মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰক্ষীৰ গাঞ্জাবিৰোধী অভিযান অব্যাহত আছে। যোৱানিশা বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ হয় এগৰাকী মহিলা সৰবৰাহকাৰী।
নিশা ভূৰাগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশাল বণিকৰ অভিযানত শালমাৰা গাঁৱৰ পৰা ৫৫.৪৮ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।
ধৃত মহিলা সৰবৰাহকাৰীটো কল্পনা ৰাভা বুলি জানিব পৰা গৈছে। বৰ্তমান ধৃত সৰবৰাহকাৰীটো আৰক্ষীৰ জিম্মাত আছে।
নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৭ জুলাই :