নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, স্কুল ভেনত খুন্দা লোকেল ট্ৰেইনৰ

পশ্চিমবংগৰ বহৰমপুৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। স্কুলীয়া শিক্ষাৰ্থীক লৈ গৈ থকা এখন ভান ৰে’ল ক্ৰছিঙত লোকেল ট্ৰেইনৰ সৈতে খুন্দা খোৱাৰ ফলত দুই শিশুসহ মুঠ ৩জন লোকৰ মৃত্যু হৈছে।

এই মৰ্মান্তিক ঘটনা বহৰমপুৰৰ গোবিন্দপুৰ অঞ্চলত সংঘটিত হয়। সূত্ৰ অনুসৰি, দুৰ্ঘটনাৰ সময়ত ৰে’ল ক্ৰছিঙৰ গেট খোলা আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে ক্ৰছিঙত কৰ্তব্যৰত গেটমেনজনক তৎক্ষণাৎ আটক কৰা হয়।

দুৰ্ঘটনাত আহত হোৱা শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ নিকটৱৰ্তী হাস্পতাললৈ লৈ যোৱা হয়। ইয়াৰে কেইবাজনো শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

পুৱা প্ৰায় ৭ বজাত কৰ্ণ সুবৰ্ণ ৰে’ল ষ্টেচনৰ সমীপৰ এটা ৰে’ল ক্ৰছিঙত এই দুৰ্ঘটনা সংঘটিত হয়। কাটোৱাৰ পৰা প্ৰায় ৪৮ কিলোমিটাৰ দূৰত্বত থকা কৰ্ণ সুবৰ্ণ ষ্টেচনৰ ওচৰৰ সমপাৰ ফটকত স্কুলীয়া শিশুক কঢ়িয়াই নিয়া বাহনখনে ৰে’লপথ পাৰ হৈ থকাৰ সময়তে এখন লোকেল ট্ৰেইনে বাহনখনত খুন্দা মাৰে।

ঘটনাৰ কাৰণ অনুসন্ধান কৰিবলৈ ১০জনীয়া এটা তদন্তকাৰী দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ সময়ত ৰে’ল ক্ৰছিঙৰ গেট খোলা আছিল বুলি প্ৰাথমিকভাৱে তথ্য পোৱা গৈছে। এই দুৰ্ঘটনাৰ পিছত পূব ৰে’লৱেৰ হাওৰা ডিভিজনৰ আজিমগঞ্জ-কাটোৱা ৰে’লপথত ৰে’ল সেৱা কিছু সময়ৰ বাবে ব্যাহত হয়।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like