নগৰবেৰাত দুজনক আটক আৰক্ষীৰ, ন্যায়িক জিম্মালৈ
নগৰবেৰা আৰক্ষীৰ জালত পৰিল জুৱা খেলৰে জড়িত দুই যুৱক। উল্লেখ্য যে যোৱা ১২ জুলাইৰ নিশা থানা এলেকাৰ খামেৰি বজাৰ অঞ্চলত নিশা জুৱা খেলুৱৈৰ বিৰুদ্ধে এক অতৰ্কিত অভিযান চলাই চাৰিজনক হাতে-লোটে ধৰি ১৩ জুলাইৰ পুৱাৰ ভাগত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল যদিও আৰক্ষীৰ উক্ত অভিযান কালত এন্ধাৰৰ সুযোগ লৈ কেবাজনকৈ খেলুৱৈ পলাই যাবলৈ সক্ষম হৈছিল।
আৰক্ষীয়ে সেইদিনাৰ পৰাই পলায়ন কৰাসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতেই যোৱানিশা নায়টৰ গাঁৱৰ ৰেজ্জাক আলী (৩১) আৰু খামেৰী গাঁৱৰ ছোবাহন আলী (৩৪) নামৰ দুজনক আটক কৰি নগৰবেৰা আৰক্ষীয়ে দুয়োকো ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। নগৰবেৰা আৰক্ষী থানাৰ অ’চি হৰজিৎ দাসৰ নেতৃত্বত চলিছিল আৰক্ষীৰ এই অভিযান।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৭ জুলাই