১২ জামাতীক লুকুৱাই ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ মছজিদৰ বিষয়ববীয়া
দক্ষিণ কামৰূপৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৪জন লোকক
নিয়মীয়া বাৰ্তা, ১৩ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ নিৰ্দেশক অমান্য কৰি তবলিগী জামাতৰ পৰা অহা উত্তৰ প্ৰদেশৰ ১২জন জামাতীক লুকুৱাই ৰখাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪জন লোকক। এমাহতকৈও অধিক সময় লুকুৱাই ৰাখিছিল মছজিদৰ বিষয়ববীয়া কেইজনে। ছয়গাঁৱৰ জোৰ শিমলু আৰু সোণতলী মছজিদৰ সভাপতি-সম্পাদকৰ বিৰুদ্ধে এই অভিযোগ। গ্ৰেপ্তাৰ কৰা লোককেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ লগতে লুকুৱাই ৰখা লোককেইজনক শিঙিমাৰী কোৱাৰেণ্টাইন কেম্পলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।