নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশত ২৪ ঘণ্টা : বিশ্বাভিলেখ কোৱাণ্টাছ এয়াৰবাছ A350-ৰ

অষ্ট্ৰেলিয়াৰ বিমান সংস্থা কোৱাণ্টাছ (Qantas)-ৰ প্ৰথম এয়াৰবাছ A350-1000ULR-এ ২৪ ঘণ্টাৰো অধিক সময় অবিৰত উৰি নতুন বিশ্ব অভিলেখ স্থাপন কৰিছে। কোৱাণ্টাছৰ উচ্চাকাংক্ষী ‘প্ৰজেক্ট ছানৰাইজ’ (Project Sunrise)-ৰ অংশ হিচাপে এই বিশেষ পৰীক্ষামূলক উৰণ সম্পন্ন কৰা হয়।

AeroTime-ৰ তথ্য অনুসৰি, বিমানখনে ২৭ জুলাইত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰশান্ত মহাসাগৰ অতিক্ৰম কৰি আমেৰিকা আৰু কানাডাৰ আকাশপথেৰে ২৮ জুলাইত ফ্ৰান্সৰ টুলুজত অৱতৰণ কৰে। Flightradar24-ৰ তথ্য অনুসৰি, এই উৰণৰ মুঠ সময় আছিল ২৪ ঘণ্টা ২৩ মিনিট, যি কোনো বাণিজ্যিক বিমানৰ পৰীক্ষামূলক উৰণৰ ক্ষেত্ৰত এতিয়ালৈকে সৰ্বাধিক। ইয়াৰ পূৰ্বে ২০০৫ চনত বয়িং 777-200LR-এ ২২ ঘণ্টা ৪২ মিনিট উৰি এই অভিলেখ গঢ়িছিল।

বৰ্তমান F-WULR হিচাপে পঞ্জীয়নভুক্ত বিমানখনে ২৭ জুলাই স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:২৭ বজাত মেলবৰ্ণৰ পৰা উৰা মাৰি ২৮ জুলাই পুৱা প্ৰায় ৯:৫২ বজাত টুলুজস্থিত এয়াৰবাছৰ মুখ্য কাৰ্যালয়ত অৱতৰণ কৰে। অৱতৰণৰ পূৰ্বে বিমানখনে এটা সংক্ষিপ্ত ‘গ’–এৰাউণ্ড’ (Go-around) অনুশীলনো কৰে। Flightradar24-ত এই উৰণ ১.২ লাখতকৈও অধিক লোকে লাইভ অনুসৰণ কৰিছিল।

ইয়াৰ আগতে বিমানখনে টুলুজৰ পৰা মেলবৰ্ণলৈ ১৯ ঘণ্টাৰো অধিক সময় ধৰি অবিৰত পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল। এই দুয়োটা উৰণ এয়াৰবাছে কোৱাণ্টাছক বিমানখন হস্তান্তৰ কৰাৰ পূৰ্বে চলোৱা বিস্তৃত পৰীক্ষাৰ অংশ।

‘প্ৰজেক্ট ছানৰাইজ’ৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়াৰ পৰা লণ্ডন আৰু নিউয়ৰ্ককে ধৰি বিশ্বৰ দূৰৱৰ্তী গন্তব্যস্থানসমূহলৈ অবিৰত বাণিজ্যিক উৰণ আৰম্ভ কৰা।

পৰীক্ষাধীন A350-1000ULR হৈছে কোৱাণ্টাছে অৰ্ডাৰ দিয়া ১২খন বিমানৰ ভিতৰত প্ৰথমখন। বৰ্তমান ফৰাচী পৰীক্ষামূলক পঞ্জীয়নত থকা এই বিমানখন ২০২৭ চনৰ এপ্ৰিল মাহত কোৱাণ্টাছক হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে। তাৰ পিছত অষ্ট্ৰেলিয়াৰ পঞ্জীয়নত বাণিজ্যিক সেৱাত অন্তৰ্ভুক্ত কৰা হ’ব।

দীৰ্ঘ দূৰত্বৰ উৰণৰ বাবে বিমানখন বিশেষভাৱে সাজু কৰা হৈছে। ইয়াত মাত্ৰ ২৩৮খন আসন থাকিব। ইয়াৰ ভিতৰত আছে—

  • ৬টা ফাৰ্ষ্ট ক্লাছ ছুইট
  • ৫২টা বিজনেছ ক্লাছ আসন
  • ৪০টা প্ৰিমিয়াম ইকোনমী আসন
  • ১৪০টা ইকোনমী আসন

আসনৰ সংখ্যা কম ৰখাৰ উদ্দেশ্য হৈছে ২০ ঘণ্টাৰো অধিক সময়ৰ উৰণত যাত্ৰীসকলক অধিক ঠাই আৰু আৰাম প্ৰদান কৰা।

কোৱাণ্টাছে প্ৰায় ১০ বছৰ ধৰি অতি-দীৰ্ঘ দূৰত্বৰ বিমান যাত্ৰাই যাত্ৰীৰ শৰীৰত কেনেদৰে প্ৰভাৱ পেলায়, সেই বিষয়ে গৱেষণা চলাই আহিছে। এই ক্ষেত্ৰত সংস্থাটোৱে চাৰ্লছ পাৰ্কিন্স চেণ্টাৰ (ছিডনী বিশ্ববিদ্যালয়), Caon Design Office আৰু অন্যান্য প্ৰযুক্তিগত অংশীদাৰৰ সৈতে মিলি এনে কেবিন ডিজাইন কৰিছে, যাতে যাত্ৰীসকলে কম ক্লান্তি অনুভৱ কৰে আৰু অধিক সতেজভাৱে গন্তব্যস্থানত উপস্থিত হ’ব পাৰে।

কোৱাণ্টাছে ২০২৭ চনৰ আৰম্ভণিতে ছিডনী-লণ্ডন অবিৰত উৰণৰ টিকট বিক্ৰী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰথম A350-1000ULR বিমান বহৰত অন্তৰ্ভুক্ত হোৱাৰ পিছতে সেই বছৰতে বাণিজ্যিক সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২৮ জুলাই

You might also like