নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়ীদিহিং নদীত উদ্ধাৰ সাংবাদিক উজ্জ্বল চৌধুৰীৰ নিথৰ দেহ

চাৰি দিন ধৰি চলা সন্ধান অভিযানৰ অন্তত আজি মাৰ্ঘেৰিটাৰ সাংবাদিক উজ্জ্বল চৌধুৰীৰ মৃতদেহ মাকুমকিল্লা অঞ্চলৰ বুঢ়ীদিহিং নদীৰ চাপৰিৰ পৰা উদ্ধাৰ কৰা হয়। উদ্ধাৰৰ পিছতে আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰয়োজনীয় আইনগত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

উল্লেখ্য যে ২৫ জুলাইত উজ্জ্বল চৌধুৰীয়ে মাৰ্ঘেৰিটাৰ এখন দলঙৰ পৰা বুঢ়ীদিহিং নদীত জাঁপ দিয়া বুলি অভিযোগ উত্থাপিত হৈছিল। সেইদিনাৰ পৰাই আৰক্ষী, SDRF আৰু স্থানীয় ৰাইজৰ সহযোগত নদীত সন্ধান অভিযান চলাই থকা হৈছিল। অৱশেষত চাৰি দিনৰ অনুসন্ধানৰ অন্তত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰ মাৰ্ঘেৰিটা, লিডু তথা সাংবাদিক মহলত গভীৰ শোকৰ ছাঁ পৰিছে।

প্ৰয়াত উজ্জ্বল চৌধুৰী এগৰাকী নিষ্ঠাৱান সাংবাদিক হোৱাৰ লগতে সুপৰিচিত কণ্ঠশিল্পী, দক্ষ ঢুলীয়া, বিহুৱা আৰু সক্ৰিয় সাংস্কৃতিক কৰ্মী হিচাপেও পৰিচিত আছিল। লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক হিচাপে তেওঁ নিষ্ঠা, আন্তৰিকতা আৰু দক্ষতাৰে দীৰ্ঘদিন ধৰি দায়িত্ব পালন কৰি সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছিল।

ইফালে, তেওঁৰ পৱিত্ৰ স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবলৈ মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত, লিডু স্বৰ্ণ শাখা সাহিত্য সভা আৰু লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সহযোগত অহা ৯ আগষ্ট (দেওবাৰ)ৰ পুৱা ৮ বজাৰ পৰা লিডু কেন্দ্ৰীয় ৰংগমঞ্চত এক স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হৈছে। অনুষ্ঠানত প্ৰয়াত সাংবাদিকগৰাকীৰ জীৱন, কৰ্ম, সাংস্কৃতিক সাধনা আৰু সমাজলৈ আগবঢ়োৱা অৱদান সোঁৱৰণ কৰাৰ লগতে “উজ্জ্বল চৌধুৰী স্মাৰক গ্ৰন্থ” উন্মোচন কৰা হ’ব।

আয়োজকসকলে সকলো শুভাকাংক্ষী, আত্মীয়-স্বজন, সাংবাদিক, সাংস্কৃতিক কৰ্মী, গুণমুগ্ধ আৰু সুধী ৰাইজক অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত উজ্জ্বল চৌধুৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্মাৰক গ্ৰন্থ প্ৰকাশৰ এই মহৎ প্ৰয়াসত সহযোগিতা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনাইছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ, পিতৃ, ভায়েকক ইহসংসাৰত এৰি যায়।

নিয়মীয়া বাৰ্তা, মাৰ্ঘেৰিটা, ২৮ জুলাই :

You might also like