নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমনিত বনৰৌসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত বেলগুৰিত এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌ উদ্ধাৰ কৰাৰ লগতে তিনিজন চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰে অভিযানকাৰী দলে । সোমবাৰে পুৱা গুৱাহাটীৰ পৰা অহা বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সংস্থাৰ এটা দলে আহি ছাগলীয়া বন বিভাগ আৰু গোলকগঞ্জ আৰক্ষীৰ সহযোগত অভিযান চলাই আগমনি থানাৰ অন্তৰ্গত বেলগুৰিৰ ৩১ নং ঘাইপথত এ এচ-১৭ এইচ-৮১৪৮ নম্বৰৰ গ্লেমাৰ বাইকত আহি থকা অৱস্থাত দুষ্প্ৰাপ্য প্ৰজাতিৰ বনৰৌটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বনৰৌৰ চোৰাং বেপাৰী ক্ৰমে বেৰভাঙি দ্বিতীয় খণ্ড গাঁৱৰ মইনুল হক আৰু মনতাজ আলী, বিদ্যাডাৱৰী চতুৰ্থ খণ্ড গাঁৱৰ ৰফিকুল হক বেপাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইপিনে আন এজন চোৰাং ব্যৱসায়ী বুলবুল হক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।