নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন ২ ৰ নীতি নিৰ্দেশনা জাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ

নিয়মীয়া বাৰ্তা ১৫ এপ্ৰিলঃ দেশত ক’ৰোনাৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে। যাৰ পৰিপেক্ষিতত চৰকাৰে অহা ৩ মে’লৈ লকডাউন বৃদ্ধি কৰিছে। তাৰ মাজতে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই নিৰ্দেশ সমূহ এনে ধৰণৰ

  • কাৰ্যালয়, ৰাজহুৱা ঠাইত মাস্ক পিন্ধাটো জৰুৰী
  • যি কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একত্ৰিত হ’ব
    নোৱাৰিব।
  • ৰাজহুৱা স্থানত পিকোৱাটো দণ্ডনীয়, পিকালে জৰমিণা বিহাৰ ব্যৱস্থা
  • সুৰা,গুটখা, চুপৰাৰী বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা
  • সকলো কাৰ্যালয়ত ছেনিটাইজাৰৰ সুবিধা থাকিব লাগিব
  • আৰোগ্য সেতু এপৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।
  • কাৰ্যালয়ত এটা সময়ৰ অন্তৰালত ছেনিটাইজ কৰাব লাগিব। লগতে
    বৃহৎ বৈঠক বৰ্জন কৰিব লাগিব।

আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কল-কাৰখানা সমূহত কম সংখ্যক কৰ্মচাৰীৰ উপস্থিতি, আৰু সামাজিক দূৰত্ব ৰখাটো জৰুৰী কৰিছে। লগতে কোম্পানী সমূহক স্বাস্থ্য সম্পৰ্কীয় বীমা কৰাটো বাধ্যতা মূলক কৰা হৈছে।

You might also like