নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গামোচাৰে নিৰ্মিত ১৫ হাজাৰ মাস্ক বিতৰণ কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে

নিয়মীয়া বাৰ্তা ১৫ এপ্ৰিলঃ কোভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে
গামোচাৰে নিৰ্মিত ১৫ হাজাৰ মাস্ক বিতৰণৰ বাবে সাজু হৈ উঠিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সৰভোগ সমষ্টিৰ বিজেপিৰ মহিলা কৰ্মী সকলে এই মাস্ক সমূহ নিৰ্মাণ কৰি উলিয়াইছে। আজি ৰাজ্যিক সভাপতিজনে মাস্ক নিৰ্মাণ সন্দৰ্ভত কয় যে এই মাস্কৰ জৰিয়তে কোভিড-১৯ ৰ যুঁজত ৰাইজে যুঁজিব পাৰিব। এই মাস্ক সমূহ অহা শুকুৰবাৰৰ পৰা বিতৰণ কৰা হ’ব।

You might also like