জার্মানীৰ চিৰিয়াখানালৈ ক’ৰোনা ভাইৰাছে কঢ়িয়াইছে সংকট
মাংসহাৰী জন্তুৰ খাদ্য হ’ব চিৰিয়াখানাৰেই তৃণভোজী প্রাণী
নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ সংক্রমণে ইউৰোপজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে ৷ কেইবাখনো সমৃদ্ধিশালী দেশক ক’ৰোনা ভাইৰাছে মৃত্যু উপত্যকাত পৰিণত কৰাৰ সময়তে জার্মানীৰ চিৰিয়াখানাসমূহত নতুন সংকটে দেখা দিছে৷ ইষ্টাৰ বন্ধত সাধাৰণতে জার্মানীৰ চিৰিয়াখানাবোৰ দর্শকেৰে ঠাহ খাই থাকে৷ কিন্তু এইবাৰ ক’ৰোনা ভাইৰাছৰ বাবে জনশূন্য হৈ পৰিছে দেশখনৰ কেইবাখনো চিৰিয়াখানা৷ আনকি চিৰিয়াখানাৰ জীৱ–জন্তুসমূহক ৰক্ষা কৰিবলৈ এতিয়া জার্মানী চৰকাৰে বিভিন্ন সংস্থা তথা দেশবাসীৰ ওচৰত সহায় ভিক্ষা কৰিবলগীয়া হৈছে৷ উত্তৰ জার্মানীৰ এখন চিৰিয়াখানাৰ সঞ্চালকে উল্লেখ কৰা অনুসৰি বিভিন্ন জীৱ–জন্তুক ৰক্ষা কৰিবলৈ এতিয়া চিৰিয়াখানাৰেই অন্য বহু জীৱ–জন্তুৰ মাংস খাদ্য হিচাপে আগবঢ়োৱা হ’ব৷ অর্থাৎ চিৰিয়াখানাৰ মাংসহাৰী জীৱ–জন্তুবোৰক ৰক্ষা কৰিবলৈ তৃণভোজী বহু জীৱ–জন্তুক খাদ্য হিচাপে ব্যৱহাৰ কৰিছে৷ নিউমানষ্টাৰ চিৰিয়াখানাৰ মুৰব্বী ভেৰেনা কাছপাৰিয়ে সংবাদ মাধ্যমক এই তথ্যও জনাইছে যে সমগ্র দেশখনৰে চিৰিয়াখানাত এতিয়া চলিছে একেই সংকট৷ অৱশ্যে এই বাতৰি যুগুতোৱা পর্যন্ত কোনো জীৱ–জন্তু বধ কৰাৰ সিদ্ধান্ত লোৱা নাই চিৰিয়াখানা কর্তৃপক্ষই ৷