গুৱাহাটীবাসীয়ে ঘৰতে পাব ছাগলীৰ মাংস
নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ অসম চৰকাৰৰ নির্দেশ অনুসৰি অসম পশুধন আৰু হাঁহ–কুকুৰা নিগম আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে আজিৰ পৰা গুৱাহাটীৰ বিভিন্ন অঞ্চলত কেইবাগৰাকী ব্যৱসায়ীক স্বাস্থ্যসন্মত ছাগলী–কুকুৰাৰ মাংস বিক্রী কৰাৰ অনুমতি প্রদান কৰিছে ৷ প্রশাসনৰ অনুমতিপ্রাপ্ত ব্যৱসায়ীসকলে নির্ধাৰিত মূল্যত ঘৰে ঘৰে গৈ মহানগৰবাসীক ছাগলী আৰু কুকুৰাৰ মাংস যোগান ধৰিব ৷ এইক্ষেত্রত কামৰূপ মহানগৰ জিলা প্রশাসনে কেতবোৰ নির্দেশনা জাৰি কৰি মাংস বিক্রীৰ নামত যাতে লকডাউন উলংঘা কৰা নহয়, তাৰ প্রতি বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীক ৯টা জ’নত বিভক্ত কৰি নির্দিষ্ট অঞ্চলত ঘৰে ঘৰে মাংস যোগান ধৰিবলৈ ৯গৰাকী ব্যৱসায়ীক অনুমতি প্রদান কৰিছে ৷
এই অনুসৰি পল্টনবজাৰ জ’নত মলীন বর্মন, খানাপাৰা জ’নত জে চি মণ্ডল, লখৰাত মুছাৰফ খান, নুনমাটিত মিথেৰিণ এফ, গণেশগুৰিত কমল দাস, বেলতলাত পংকজ কুমাৰ ডেকা, লালগণেশত ৰাজেশ বড়ো, ভঙাগড়ত কমল বৰা আৰু জালুকবাৰীত নিৰঞ্জন দাসক স্বাস্থ্যসন্মত মাংস বিক্রীৰ বাবে প্রশাসনে অনুমতি প্রদান কৰিছে ৷ প্রশাসনৰ নির্দেশনা অনুসৰি প্রতিকেজি কটা মুর্গীৰ মাংস ২৪০ টকা আৰু ছাগলীৰ মাংস প্রতিকেজিত ৬৫০ টকাত বিক্রী কৰিব পাৰিব ৷ তদুপৰি ব্যৱসায়ীসকলে ঘৰে ঘৰে কণী যোগান ধৰাৰ বাবে অনুমতি লাভ কৰিছে৷ ব্যৱসায়ীসকলে প্রতি প্লেট কণী গ্রাহকক ২৪০ টকাতকৈ অধিক দামত বিক্রী কৰিব নোৱাৰিব ৷
ইপিনে, প্রশাসনে জাৰি কৰা নির্দেশনা অনুসৰি অনুমতিপ্রাপ্ত ব্যৱসায়ীসকলে স্বাস্থ্যসন্মত মাংস আৰু কণী বিক্রী কৰিব পাৰিব ৷ ঘৰে ঘৰে বাহন লৈ মাংস আৰু কণী যোগান ধৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে নীতি উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি প্রশাসনে নির্দেশনা জাৰি কৰিছে ৷ তদুপৰি ঘৰে ঘৰে দিয়াৰ পৰিৱর্তে পথৰ দাঁতি অথবা বজাৰত গাড়ী ৰখাই মাংস–কণী বিক্রী কৰিলে সেইসকল ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ উল্লেখ্য যে ব্যৱসায়ীসকলে মাংস–কণী বিক্রীৰ বাবে ব্যৱহাৰ কৰা বাহনত শীত–তাপ নিয়ন্ত্রিত যন্ত্র ব্যৱহাৰ কৰাটো বাধ্যতামূলক ৷ ব্যৱসায়ীসকলে ইয়াৰ লগতে ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিব পৰা যাৱতীয় ব্যৱস্থা গ্রহণ কৰি গ্রাহকসকলৰ মাজত মাংস বিক্রী কৰিব পাৰিব ৷ এইক্ষেত্রত গ্রাহকসকলৰ নির্দিষ্ট দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে ৷