কিংবদন্তি মেৰীকমৰ পদাংক অনুসৰণ কৰিব বিচাৰে অংকুশিতা বড়োৱে
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি সমগ্র দেশতে চলি আছে লকডাউন ৷ লকডাউনৰ সময়ছোৱাত দেশৰ ক্রীড়াক্ষেত্রও সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে ৷ অৱশ্যে এই লকডাউনৰ সময়ছোৱাত ক্রীড়াবিদসকলে নিজকে ফিট ৰখাৰ বাবে ঘৰতে বিভিন্ন পন্থা অৱলম্বন কৰিছে ৷ ইয়াৰ ব্যতিক্রম নহয় অসমৰ প্রতিভাৱান মহিলা বক্সাৰ অংকুশিতা বড়োও ৷ শোণিতপুৰ জিলাৰ ১৯ বছৰীয়া বক্সাৰগৰাকীয়েও লকডাউনৰ সময়ছোৱাত তেওঁৰ অনুশীলনৰ ৰুটিন সময়মতে চলাই আছে ৷ ইণ্ডিয়া টুডে’ৰে হোৱা এক সাক্ষাৎকাৰত ২০১৭ চনত অনুষ্ঠিত আইবা বিশ্ব য়ুথ মহিলা বক্সিং চেম্পিয়নশ্বিপত স্বর্ণপদক জয়ী অংকুশিতাই কয় যে বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতা অলিম্পিকত খেলাই তেওঁৰ প্রধান লক্ষ্য৷ অৱশ্যে ২০২১ বর্ষত হ’বলগীয়া টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন নকৰা অসম কন্যাগৰাকীয়ে লগতে কয় যে কিংবদন্তি মহিলা বক্সাৰ মেৰীকমৰ পদাংক অনুসৰণ কৰিব বিচাৰে৷ ২০১২ চনৰ লণ্ডন অলিম্পিকত মেৰীকমে ব্রঞ্জৰ পদক জয় কৰাৰ সময়ত বক্সিঙত অভিযান আৰম্ভ কৰা অংকুশিতা বড়োৱে কয় যে মেৰীকমৰ পদাংক অনুসৰণ কৰি তেওঁ অলিম্পিকত পদক জয় কৰিব বিচাৰে৷ মেৰীকমেই তেওঁৰ আদর্শ ব্যক্তি বুলি উল্লেখ কৰি ২০২০ চনৰ খেলো ইণ্ডিয়া য়ুথ গেমছৰ ৬৪ কেজিত স্বর্ণপদক জয়ী অংকুশিতাই অলিম্পিকত খেলাৰ বাবে এতিয়াৰ পৰাই কঠোৰ পৰিশ্রম কৰিব লাগিব বুলি মন্তব্য কৰে৷ জুনিয়ৰ পর্যায়ত কঠোৰ পৰিশ্রম কৰা বুলি ব্যক্ত কৰি অসম কন্যা অংকুশিতাই লগতে কয় যে সতীর্থ লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োৰ পৰাও অধিক প্রেৰণা লাভ কৰিছে৷ ইপিনে, লকডাউনৰ সময়ছোৱাত প্রশিক্ষকৰ সৈতে সম্পূর্ণৰূপে যোগাযোগ ৰাখিছে বুলি উল্লেখ কৰি অংকুশিতাই লগতে কয় যে ছিনিয়ৰ পর্যায়ৰ অধিক প্রতিযোগিতাত পদক জয় কৰি অসমৰ লগতে দেশৰ নাম উজলোৱাটোৱেই তেওঁৰ প্রধান লক্ষ্য ৷