নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ বিৰুদ্ধে সৰৱ ইউৰোপ–আমেৰিকা

পৰীক্ষাগাৰত ক’ৰোনাৰ উৎপত্তি ! তদন্ত কৰিব হোৱাইট হাউছে

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ চীনৰ হুবেই প্রদেশৰ য়ুহান চহৰৰ এক পৰীক্ষাগাৰত সৃষ্টি কৰা হৈছিল বুলি পাশ্চাত্যৰ বিভিন্ন দেশে অভিযোগ কৰি থকাৰ সময়তে বেইজিং প্রশাসনে ইয়াক অগ্রাহ্য কৰিছে ৷ বেইজিঙে স্পষ্ট কৰি দিছে যে য়ুহান প্রদেশৰ পৰীক্ষাগাৰত ক’ৰোনা ভাইৰাছ সৃষ্টি কৰাৰ কোনো প্রামাণিক তথ্য বিশ্ব স্বাস্থ্য সংস্থাই পোৱা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে ৷ স্মর্তব্য যে চীনৰ য়ুহানতেই প্রথম এই ভাইৰাছবিধৰ উৎপত্তি হৈছিল৷ য়ুহান হৈ পৰিছিল ভাইৰাছবিধৰ সংক্রমণৰ অভিকেন্দ্র৷ গতিকে আমেৰিকা আৰু ইউৰোপৰ বহু দেশে চীনৰ য়ুহানৰ পৰীক্ষাগাৰত ভাইৰাছবিধ সৃষ্টি কৰা হৈছিল বুলি অভিযোগ কৰি আহিছে৷ দেশখনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ঝাও লিজিয়ানে পাশ্চাত্যৰ দেশসমূহৰ অভিযোগ অগ্রাহ্য কৰিছে যদিও আমেৰিকা, ফ্রান্স, ব্রিটেইনকে ধৰি কেইবাখনো দেশে এই বিষয়টোক লৈ আঁকোৰগোজ স্থিতি গ্রহণ কৰি আছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ঘোষণা কৰিছে যে এই ক’ৰোনা ভাইৰাছ মহামাৰীৰ উৎপত্তি সন্দর্ভত এক তদন্ত চলোৱা হ’ব৷ চীনৰ পৰীক্ষাগাৰত বাদুলীৰ ওপৰত গৱেষণা চলোৱাৰ সময়তে ভাইৰাছবিধৰ সংক্রমণ আৰম্ভ হোৱা বুলি ইতিমধ্যে আমেৰিকাত বিষয়টোৱে চর্চা লাভ কৰিছে৷ ইফালে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্র’নেও চীনে ক’ৰোনাৰ সংহাৰ সন্দর্ভত বহু প্রশ্ণৰ উত্তৰ দিব লাগিব বুলি ঘোষণা কৰিছে৷ একে সময়তে ব্রিটেইনেও চীনৰ পৰা বিচাৰিছে ক’ৰোনাৰ উৎপত্তিৰ তথ্য৷

You might also like