মহানগৰীত ব্যক্তিগত শিক্ষানুষ্ঠানৰ মইমতালি
নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ শিক্ষাৰ নামত ব্যৱসায় চলোৱা গুৱাহাটীৰ একাংশ অভিজাত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কর্মকাণ্ডই প্রায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ সম্প্রতি ন’ভেল ক’ৰোনা ভাইৰাছ প্রতিৰোধকল্পে সমগ্র দেশতে বলৱৎ হৈ আছে লকডাউন ৷ ইয়াৰ মাজতে ব্যক্তিগত খণ্ডৰ কেইখনমান শিক্ষানুষ্ঠানে নামভর্তিৰ মাচুলক লৈ জাৰি কৰা নির্দেশনাই হতচকিত কৰিছে অভিভাৱকসকলক ৷ এইক্ষেত্রত অভিযোগ উত্থাপন হোৱা এনে শিক্ষানুষ্ঠানৰ ভিতৰত অন্যতম হ’ল মহর্ষি বিদ্যামন্দিৰ আৰু দিল্লী পাব্লিক স্কুল ৷
শিলপুখুৰীস্থিত মহর্ষি বিদ্যা মন্দিৰ কর্তৃপক্ষই ৩০ এপ্রিলৰ ভিতৰত নামভর্তিৰ মাচুল বিদ্যালয় কর্তৃপক্ষক জমা দিবলৈ অভিভাৱকলৈ এটা বিশেষ মেছেজ প্রেৰণ কৰাক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ ৰাজ্য চৰকাৰৰ নির্দেশ উলংঘাৰে মহর্ষি বিদ্যা মন্দিৰে ক’ৰোনাৰ ভয়াৱহতাৰ মাজতো বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ লকডাউনৰ সময়ছোৱাত পুনৰ বার্ষিক মাচুল আদায় বিচাৰি অভিভাৱকক তাগিদা দিয়াত একাংশ অভিভাৱক এতিয়া বিমোৰত পৰিছে ৷
ইফালে দিল্লী পাব্লিক স্কুল কর্তৃপক্ষই লকডাউনৰ সময়ছোৱাত বিদ্যালয় বন্ধ থকাৰ পিছতো বাছভাৰা আদায় দিবলৈ অভিভাৱকক নির্দেশ দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ অর্থনীতিত ব্যাপক প্রভাৱ পৰিছে ৷ ইয়াৰ লগতে অর্থ সংকটত ভুগিছে সাধাৰণ জনতাও ৷ লকডাউনৰ মাজতে এনেদৰে ব্যক্তিগত খণ্ডৰ শিক্ষা প্রতিষ্ঠানে বার্ষিক নামভর্তিৰ মাচুল বিচাৰি অভিভাৱকক হেঁচা প্রয়োগ কৰা বিষয়টো গুৰুত্বসহকাৰে নিৰীক্ষণ কৰিছে শিক্ষা বিভাগে ৷ শীঘ্রেই শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নামভর্তিৰ মাচুল আৰু মাহিলি মাচুল হ্রাস কৰাৰ সন্দর্ভত নির্দেশনা জাৰি কৰিব বুলি শিক্ষা বিভাগৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷ লগতে লকডাউনৰ সময়ছোৱাত অভিভাৱকক মাচুল আদায়ৰ ক্ষেত্রত সময় প্রদান কৰিবলৈও নির্দেশনা জাৰি কৰিব৷ চৰকাৰী নীতি–নির্দেশনা উলংঘা কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে শিক্ষা বিভাগে শাস্তিমূলক ব্যৱস্থাও গ্রহণ কৰিব ৷