নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট–যোৰহাটলৈ ৪৯ লক্ষাধিক টকাৰ বৰঙণি

মাৰাত্মক ক’ভিড–১৯ ৰোগীৰ চিকিৎসার্থে অ’এনজিচিৰ অর্থ সাহায্য

নিয়মীয়া বার্তা, ১৮ এপ্রিলঃ অ’এনজিচি যোৰহাটৰ সামাজিক দায়বদ্ধতা বিভাগে মাৰাত্মক ক’ভিড–১৯ ৰোগীৰ চিকিৎসার্থে গোলাঘাট আৰু যোৰহাট জিলাৰ উপায়ুক্তক মুঠ ৪৯ লক্ষাধিক টকাৰ অর্থ সাহায্য আগবঢ়ায় ৷ জানিব পৰা মতে, ইয়াৰে গোলাঘাট জিলালৈ ক’ভিড–১৯ৰ ৰোগীৰ চিকিৎসার্থে ডেটল, চাবোন, কম্বল, কাপোৰ, ছেনিটাইজাৰ, মাস্ক আদি সামগ্রীৰ কাৰণে ৯.৮৬ লাখ টকা, বিছনা, গাৰু, বিছনাচাদৰ, আঁঠুৱা আদি সামগ্রীৰ কাৰণে ৯.৮৯ লাখ টকা আৰু জিলাখনৰ ধনশিৰি মহকুমাৰ অধীনত ৮,১০০ পৰিয়ালক ২,২২৫টা বিভিন্ন সামগ্রীৰ বিতৰণৰ কাৰণে ৯.৯৭ লাখ টকা অর্থাৎ মুঠ ২৯.৭২ লাখ টকাৰ বৃহৎ ধনৰাশিৰ চেক জিলা উপায়ুক্তৰ হাতত অর্পণ কৰে৷ আজি জিলা উপায়ুক্তৰ কার্যালয়ত জিলা উপায়ুক্ত বি চি মোদীৰ হাতত অর্থ সাহায্যৰ চেক প্রদান অনুষ্ঠানত যোৰহাট অ’ এন জি চিৰ বেছিন মেনেজাৰ পুনিত ছুৰি, যোৰহাট অ’এনজিচিৰ এচেট মেনেজাৰ জি কে গোখলে, উচ্চপদস্থ বিষয়া সতীশ কুলি আৰু পৱন বৰগোহাঁই, যোৰহাট অ’এনজিচিৰ অনুসূচিত জাতি আৰু জনজাতি উন্নয়ন সমিতিৰ অধ্যক্ষ সুভাষ পায়েং উপস্থিত থাকে৷ ইপিনে, কালি যোৰহাট জিলা উপায়ুক্তক ক’ভিড–১৯ ৰোগীৰ চিকিৎসাৰ সুবিধার্থে ১৯.৪৫৭৫৫ লাখ টকা অর্থ সাহায্যৰ চেক প্রদান কৰে বুলি যোৰহাট অ’এনজিচিৰ অনুসূচিত জাতি আৰু জনজাতি উন্নয়ন সমিতিৰ অধ্যক্ষ সুভাষ পায়েঙে জনাইছে ৷

You might also like