নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ সুৰা, গুটখা, ধপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে শুকুৰবাৰে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত ৰঙিয়া মহকুমা প্ৰশাসনে তীব্ৰ অভিযান আৰম্ভ কৰে । ৰাজ্য চৰকাৰে এই সমূহৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰাৰ বিষয়ে প্ৰশাসনৰ তৰফৰ পৰা অনুভাষ যন্ত্ৰ যোগে সমগ্ৰ মহকুমাটোত ব্যাপক প্ৰচাৰ চলাই থকাৰ পিছতো এচাম অসাধু ব্যৱসায়ীয়ে কৰ্ণপাত নকৰাত খোদ অতিৰিক্ত উপায়ুক্তই দণ্ডাধীশক লগত লৈ সদলবলে দোকানে- দোকানে তালাচী চলায় ।
এই তালাচীৰ সময়ত ৰঙিয়াৰ ‘ৰং এন্টাৰপ্ৰাইজ’ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত গুটকা, ধপাত আদি জাতীয় সামগ্ৰী সমূহ হাতে-লোটে ধৰা পেলায় । এই সন্দৰ্ভত স্বত্বাধিকাৰী গৌতম পালক সোধা-পোছা কৰাৰ পিছত প্ৰশাসনে অসাধু কাৰ্য্যকলাপ অব্যাহত ৰখাৰ অভিযোগত ব্যৱসায়িক প্ৰতিষ্ঠানখন চিল কৰিবলৈ বাধ্য হয় । এই অভিযানত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰৰ সৈতে আছিল ৰঙিয়া মহকুমা নিৰ্বাচন বিষয়া তথা কাৰ্য্যবাহী দণ্ডাধীশ ৰিপন জ্যোতি নাথ, সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, কামৰূপৰ সহকাৰী আয়ুক্ত অপ্ৰতীম গোস্বামী প্ৰমুখ্যে প্ৰশাসনৰ সংশ্লিষ্ট লোকসকল । আনহাতে, অতিৰিক্ত উপায়ুক্তই সকলো দোকান-পোহাৰক অনতিপলমে এনে বিক্ৰী বন্ধ নকৰিলে ইয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থাৰ সন্মুখীনৰ বাবে সাজু হৈ থাকিবলৈ তীব্ৰ সকিয়নী দিয়ে ।
ইফালে, জনসাধাৰণক বাধ্যতামূলকভাৱে প্ৰতি মূহুৰ্ততে মুখত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজহুৱা স্থানত থু, খেকাৰ, পিক্ পেলোৱাত নিষেধাজ্ঞা জাৰি কৰে মহকুমা প্ৰশাসনে । অন্যথা, আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আজি কঠোৰ সকিয়নী দিছে অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰে ।