সম্পূৰ্ণ সুস্থ হৈ শিলচৰ মেডিকেল কলেজৰ পৰা মুকলি ৰহমান
নিয়মীয়া বাৰ্তা ১৮ এপ্ৰিলঃ অসমৰ আন এজন ক’ৰোনা আক্ৰান্ত সম্পূৰ্ণ সুস্থ হৈ উঠিছে। এই লোক জন হৈছে ছাজিবুৰ ৰহমান। তেওঁক শিলচৰ মেডিকেল কলেজ হাস্পাতলৰ পৰা মুক্তি দিয়া হৈছে। ৰহমানক শেহতীয়া ভাৱে তিনিবাৰ পৰীক্ষা কৰোৱা হৈছিল তিনিবাৰে ফলাফল নিগেটিভ আহিছিল, যাৰ পৰিপেক্ষিতত আজি তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়। অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু শিলচৰৰ সাংসদ ড০ ৰাজদ্বীপ ৰয়ৰ উপস্থিতিত ৰহমানক মুকলি কৰা হয়। ৰাজ্যখনত এতিয়ালৈকে ক’ৰোনাৰ পৰা ১২ জন লোক সুস্থ হৈ উঠিছে ।