চৰকাৰে ৰেল, বিমান সেৱা আৰম্ভ কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই- জাবেড়কাৰ
নিয়মীয়া বাৰ্তা ১৯ এপ্ৰিলঃ কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেড়কাৰে দেওবাৰে স্পষ্ট কৰি দিয়ে যে চৰকাৰে ৰে’ল অথবা বিমান সেৱাৰ আৰম্ভ কৰাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। লগতে কেন্দ্ৰীয় মন্ত্ৰীজনে জনায় যে ৰে’ল আৰু বিমান সেৱা এদিন নহয় এদিন সেৱা আৰম্ভ কৰিব লাগিব কিন্তু কেতিয়া হয় এতিয়া এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰিব নোৱাৰি। লগতে জাবেড়কাৰে কয় যে কেইবাটাও বিমান কোম্পানীয়ে সম্ভৱত ৪ মে ৰ পৰা বুকিং আৰম্ভ কৰিবৰ বাবে নিৰ্ণয় লৈছে কিন্তু এই সন্দৰ্ভত অন্তিম সিদ্ধান্ত চৰকাৰে ল’ব। উল্লেখ্য যে লকডাউৰ বাবে যোৱা ২৫ মাৰ্চৰ পৰা দেশৰ ৰাজহুৱা পৰিবহণ, ৰেল যাতায়তকে ধৰি বিমান সেৱা্ বন্ধ হৈ আছে।