গো–মাংসৰ ব্যৱসায়ক লৈ ডুমডুমাত উত্তপ্ত পৰিস্থিতি; দুই দুষ্কৃতিকাৰীক জে’ল
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ডুমডুমা থানাৰ অন্তর্গত ৰূপাই চাইডিং অসমীয়া বালিজান গাঁৱৰ মহম্মদ ইয়াচিন নামৰ এজন লোকৰ ঘৰত দীর্ঘদিন ধৰি গো–মাংসৰ ব্যৱসায় চলাই থকা বুলি জানিব পাৰি ১৮ এপ্রিলত গাঁৱৰ একাংশ লোক একত্রিত হৈ অভিযুক্ত ইয়াচিনৰ ঘৰত অতর্কিতে অভিযান চলাই ইয়াচিনক গো–মাংসৰ ব্যৱসায় কৰে নেকি বুলি সোধা–পোছা কৰাত ইয়াচিনে সেয়া অস্বীকাৰ কৰিছিল যদিও তাত উপস্থিত ৰাইজে ইয়াচিনৰ ঘৰৰ চৌহদত ভালদৰে তালাচী চলোৱাত বিভিন্ন ঠাইৰ পৰা গাঁতত পুতি থোৱা আৰু বেগত ভৰাই থোৱা অৱস্থাত গৰুৰ কটা মূৰ, ভৰি আৰু মাংস আদি উদ্ধাৰ কৰি উপস্থিত ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ উক্ত অঞ্চলত সঘনাই সংঘটিত হৈ থকা গৰু চুৰি ঘটনাৰ লগত এই গো–মাংসৰ ব্যৱসায় কৰা ইয়াচিনহঁতৰ কিবা সম্পর্ক থাকিব পাৰে বুলি সন্দেহ কৰে আৰু গাঁওবুঢ়া ৰামবাবু কুর্মীৰ জৰিয়তে ডুমডুমা থানাত ঘটনাৰ বিষয়ে সবিশেষ জনাই খবৰ দিয়ে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত গো–মাংসৰ ব্যৱসায়ৰ লগত জডিত মহম্মদ ইয়াচিনসহ আন তিনিজন সহযোগী ক্রমে ইয়াচিনৰ দুই পুত্র মহম্মদ ফিৰোজ, মহম্মদ মইনুদ্দিন আৰু তেওঁৰেই ভতিজাক মহম্মদ ইছমাইলক হাতে–লোটে ধৰি আৰক্ষীক গতাই দিয়ে আৰু সমস্ত ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটাইকেইজনকে থানালৈ আটক কৰি আনি সোধা–পোছা অব্যাহত ৰাখে৷ আৰক্ষীৰ সোধা–পোছাৰ অন্তত ৰূপাইৰ অসমীয়া বালিজান গাঁৱৰ ৰাইজৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আজি অভিযুক্ত চাৰিজনৰ ভিতৰত মহম্মদ ফিৰোজ আৰু মহম্মদ ইছমাইলক জে’ল–হাজোতলৈ প্রেৰণ কৰে৷