বাগ্সাত লকডাউন ভংগকাৰী যুৱকক শাস্তি আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে ত্রাস সৃষ্টি কৰাৰ পিছতো গা লৰা নাই একাংশ যুৱকৰ৷ ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হোৱালৈ লক্ষ্য কৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুনৰ আহ্বান জনোৱা দ্বিতীয় পর্যায়ৰ লকডাউনৰ প্রতি দেশৰ জনসাধাৰণে পূর্ণ সমর্থন জনাইছে যদিও একাংশই এই আইন উলংঘা কৰি অহা পৰিলক্ষিত হৈছে৷ আজি বাগ্সা জিলাৰ শালবাৰী মহকুমাৰ লাবদাংগুৰি আৰক্ষী আৰু কমাণ্ডো বাহিনীয়ে খাৰিজা বিজনীৰ দোমনি ঘাটত বিনাকাৰণত জধেমধে ঘূৰি ফুৰা দুই যুৱকক শাস্তি বিহে৷ আৰক্ষী, কমাণ্ডো বাহিনীয়ে যুৱক দুজনক ভেকুলী জাঁপ, বুকডাউনৰ লগতে শাৰীৰিক ব্যায়াম কৰিবলৈ বাধ্য কৰায়৷ উল্লেখ্য যে বাগ্সা আৰক্ষীৰ লগতে লাবদাংগুৰি আৰক্ষীয়ে লকডাউন আইন মানি চলিবলৈ ৰাইজক বাৰাম্বাৰ আহ্বান জনোৱাৰ পিছতো লকডাউন আইন অমান্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে৷