প্রতিখন জিলাত এমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য–সামগ্রী মজুত ৰখাৰ নির্দেশ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ খাদ্য আৰু অসামৰিক যোগান তথা গ্রাহক পৰিক্রমা মন্ত্রী ফণীভূষণ চৌধুৰী, জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ সৈতে একেলগে বৰাক উপত্যকাৰ তিনিখন জিলা ক্রমে কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাত লকডাউনৰ সময়ছোৱাত বিভাগীয় কাম–কাজৰ বুজ ল’লে কৃষিমন্ত্রী অতুল বৰাই৷
মন্ত্রী বৰা, চৌধুৰী আৰু মহন্তই প্রথমতে কৰিমগঞ্জত উপায়ুক্তৰ কার্যালয়ত জিলাখনৰ কৃষি, পশুপালন, দুগ্ধ উন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জিলা উপায়ুক্ত আৰু চেম্বাৰ অৱ কমার্চ তথা স্থানীয় ব্যৱসায়ীসকলৰ উপস্থিতিত আলোচনাত মিলিত হয়৷ এই আলোচনাত কৰিমগঞ্জ জিলাৰ বিধায়কসকলো উপস্থিত থাকে৷ কৃষিমন্ত্রী অতুল বৰাই বিভাগীয় বিষয়াসকলক যিসকল কৃষকে মুখ্যমন্ত্রী সমগ্র গ্রাম্য উন্নয়ন যোজনা, গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ড্রাফটযোগে ধন জমা দিছে, সেইসকল কৃষকক লকডাউনৰ সময়ছোৱাৰ ভিতৰতে সংশ্লিষ্ট আঁচনিৰ অধীনত ট্রেক্টৰ, অগভীৰ নলীনাদ আদি দিবলৈ নির্দেশ দিয়ে৷ কৃষিমন্ত্রীগৰাকীয়ে জিলাখনত জিলা উপায়ুক্তৰ দ্বাৰা মনোনীত বিক্রীদাৰৰ জৰিয়তে উপভোক্তাৰ ঘৰে ঘৰে যোগান ধৰা শাক–পাচলি, মাংস, গাখীৰ আদিৰ বিষয়ে বুজ লয় আৰু উপায়ুক্তই নির্দিষ্ট কৰি দিয়া মূল্যতকৈ অধিক মূল্যত পাচলি বিক্রী কৰিলে আইন মতে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ ক’ভিড–১৯এ সৃষ্টি কৰা সমস্যাৰ সমাধানৰ বাবে ত্যাগৰ মনোভাবেৰে কাম কৰিবলৈ মন্ত্রীগৰাকীয়ে আহ্বান জনোৱাৰ লগে লগে সম্ভাব্য বানপানীৰ প্রতি সষ্টম হৈ থাকি সমূহীয়া কঠীয়াতলী প্রস্তুতিৰ লগে লগে খাৰিফ বতৰৰ খেতিৰ বাবেও কৃষকক অনুপ্রাণিত কৰিবলৈ আহ্বান জনায়৷ উদ্যান শস্য বিভাগ আৰু বিশ্ববেংকৰ অসম কৃষি আৰু গ্রাম্য ৰূপান্তৰ প্রকল্পৰ জৰিয়তে ৰাজ্যখনৰ প্রায় ১ লাখ ৪০ হাজাৰ কৃষকক পাচলিৰ বীজৰ টোপোলা আগবঢ়োৱাৰ বাবে বিভাগে লোৱা সিদ্ধান্তৰ বিষয়েও কৃষিমন্ত্রী বৰাই অৱগত কৰে৷ ইফালে, খাদ্য আৰু অসামৰিক যোগান মন্ত্রী ফণীভূষণ চৌধুৰীয়ে জিলাখনৰ বিভিন্ন অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ মূল্যৰ তথ্য বিশ্লেষণ কৰি জিলাখনত এমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ মজুতকৰণ নিশ্চিতকৰণ কৰিবলৈ উপায়ুক্তক নির্দেশ দিয়ে৷ অযুক্তিকৰভাৱে মূল্যবৃদ্ধি কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈও যোগান বিভাগৰ মন্ত্রী চৌধুৰীয়ে উপায়ুক্তক নির্দেশ দিয়ে৷ জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্তই জিলাখনত বাৰিষাৰ আগে আগে মথাউৰিসমূহৰ কাম–কাজ সম্পূর্ণ কৰিবলৈ বিভাগীয় অভিযন্তাসকলক নির্দেশ প্রদান কৰে৷ তদুপৰি কামত গাফিলতি কৰা বিষয়া, ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈকো জলসম্পদ মন্ত্রী মহন্তই জিলা উপায়ুক্তক নির্দেশ দিয়ে৷ উল্লেখ্য যে মন্ত্রী অতুল বৰা, ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই হাইলাকান্দি আৰু কাছাৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত সংশ্লিষ্ট জিলাকেইখনৰ বিধায়কসকল, উপায়ুক্ত, বিষয়া আৰু ব্যৱসায়ীসকলৰ উপস্থিতিত বৈঠকত মিলিত হয়৷ শিলচৰত জিলা উপায়ুক্তৰ কার্যালয়ত অনুষ্ঠিত বৈঠকত অসম বিধানসভাৰ উপাধ্যক্ষ দিলীপ পাল আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্যও উপস্থিত থাকে৷