ইংলেণ্ডৰ পৰাই আর্তজনৰ কাষত বিশিষ্ট চিকিৎসক–লেখক ড০ জয়ন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লকডাউনৰ সময়ছোৱাত সংকটত পৰিছে খাটিখোৱা লোকসকল৷ এনে সময়তে মাতৃভূমিৰ আর্তজনক সুদূৰ ইংলেণ্ডৰ পৰাই সহায়ৰ হাত আগবঢ়াইছে বিশিষ্ট চিকিৎসক, লেখক তথা ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্ত আদি দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জ্যেষ্ঠ ভাতৃ ড০ জয়ন্ত বিশ্ব শর্মাই৷ বর্তমান ইংলেণ্ডত থকা ড০ শর্মাই প্রেৰণ কৰা ধনেৰে খাদ্য সামগ্রী ক্রয় কৰি তেওঁৰ হৈ দূৰণিবটীয়া গ্রাম্য স্বাস্থ্য সেৱাৰ ধেমাজি জিলা প্রবন্ধক অঞ্জনজ্যোতি ঠাকুৰীয়াই বিতৰণ কৰে৷ লেলুৱনি, মাজগাঁও, নগাঁৱৰ লগতে ধেমাজি নগৰ অঞ্চলৰ ৫৩টা দৰিদ্র পৰিয়ালক চাউল, দাইল, আলু, পিঁয়াজ, মিঠাতেল আৰু ডেটল চাবোন বিতৰণ কৰা হয়৷ দুর্যোগৰ সময়ত পূর্বেও আর্তজনক বিভিন্ন প্রকাৰে সহায় কৰি অহা সুহূদয়ৱান ব্যক্তি ড০ জয়ন্ত বিশ্ব শর্মাই ধেমাজিৰ দৰিদ্রজনক আগবঢ়োৱা সহায়ৰ বাবে ৰাইজে শলাগ লৈছে৷ আনহাতে স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্যৰ অন্যান্য প্রান্তৰ দৰে ধেমাজি জিলাতো শিক্ষক, চৰকাৰী বিষয়া–কর্মচাৰী, ব্যৱসায়ী, দল–সংগঠন, অনুষ্ঠানে দুর্গত লোকক খাদ্য সামগ্রীৰ টোপোলা বিতৰণ কৰে ।