নগাঁৱত বাতৰিকাকতৰ বিতৰকক সম্বর্ধনা বিধায়ক ৰূপক শর্মাৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই আজি বাতৰিকাকত বিতৰকসকলক সম্বর্ধনা জনায়৷ নগাঁও চহৰৰ নতুন বজাৰৰ দুর্গা মন্দিৰ প্রাংগণত আয়োজন কৰা অনুষ্ঠানত বাতৰিকাকত বিতৰকসকলক সম্বর্ধনা জনাই বিধায়কগৰাকীয়ে কয়, লকডাউনৰ আৰম্ভণিতে একাংশ লোকে বাতৰিকাকতৰ পৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ হ’ব পাৰে বুলি চলোৱা অপপ্রচাৰক আওকাণ কৰি বিতৰকসকলে অতি নিষ্ঠা আৰু দায়িত্বসহকাৰে বাতৰিকাকতৰ গ্রাহকৰ ঘৰে ঘৰে গৈ বাতৰিকাকত যোগান ধৰি আহিছে৷ ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ সকলো প্রত্যাহ্বান নেওচি বিতৰকসকলে গ্রহণ কৰা এই পদক্ষেপ অতি প্রশংসনীয়৷ নগাঁৱৰ বিতৰকসকলে লকডাউন ঘোষণা কৰা দিনৰে পৰা এদিনো যতি নপৰাকৈ অতি কষ্টৰে গ্রাহকৰ ঘৰে ঘৰে বাতৰিকাকত যোগান ধৰি সামাজিক দায়বদ্ধতাৰ পৰিচয় দিছে৷ নগাঁও তথা অসমৰ আগশাৰীৰ বাতৰিকাকত বিক্রেতা প্রতিষ্ঠান ৰুমী ৰূপক এণ্টাৰপ্রাইজৰ স্বত্বাধিকাৰ তথা বিধায়ক ৰূপক শর্মাই আজি নগাঁও চহৰ আৰু ইয়াৰ পার্শ্বৱর্তী এলেকাৰ বাতৰিকাকত বিতৰকসকলক বিহুৱানেৰে সম্বর্ধনা জনোৱাৰ লগতে মাস্ক আৰু ছেনিটাইজ বিতৰণ কৰে৷ নগাঁৱৰ সাংবাদিকসকলৰ উপস্থিতিত বাতৰিকাকত বিতৰকসকলে সামাজিক দূৰত্ব বজাই ৰাখি বিধায়ক শর্মাৰ পৰা সম্বর্ধনা গ্রহণ কৰি উৎফুল্ল হৈ পৰে৷ বিধায়ক শর্মাৰ এনে পদক্ষেপক সকলোৱে প্রশংসা কৰিছে৷ উল্লেখ্য যে নগাঁৱৰ এই বিতৰকসকলে অতি নিষ্ঠাৰে প্রতিদিনে পুৱা পাঠকৰ হাতত তুলি দি আহিছে বাতৰিকাকত৷