নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত ৩ খন দোকান ছীল, ৩৪ চিলিণ্ডাৰ জব্দ

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ  শিৱসাগৰ জিলাৰ নামতি আলিগাঁও পঞ্চায়তৰ ১নং ৱার্ডৰ সদস্য আব্দুল মজিদ আৰু সমবায় সমিতিৰ এজেণ্ট আব্দুল মতিনে ১০০০ টকা বিতৰণৰ ক্ষেত্রত হিতাধিকাৰীৰ তালিকাত নীতিবহির্ভূতভাৱে ৰেচন কার্ড থকা লোকৰ নাম অন্তর্ভুক্ত কৰিছিল৷ এই ক্ষেত্রত তদন্ত কৰি আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াই নামতি আৰক্ষী চকীত দুয়োগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আনহাতে, আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াই হিতাধিকাৰীৰ তালিকাত ৰেচন কার্ড থকা লোকৰ নাম অন্তর্ভুক্ত কৰি নীতিবহির্ভূতভাৱে ১০০০ টকা প্রদান কৰাৰ গোচৰৰ ভিত্তিত সুলভ মূল্যৰ চাউল বিতৰণ কৰা এজেণ্ট বিকুল গগৈ আৰু পাঙেৰা গাঁও পঞ্চায়তৰ ৪নং ৱার্ডৰ সদস্যা মনোৰমা গগৈৰ বিৰুদ্ধে আমগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ বাবে লকডাউনৰ সময়ছোৱাত খাদ্য, অসামৰিক যোগান আৰু গ্রাহক পৰিক্রমা বিভাগ, শিৱসাগৰে বিভিন্ন কার্যব্যৱস্থা গ্রহণ কৰিছে৷ হালোৱাটিং বজাৰ অঞ্চলত মেঘনাথ যাদৱৰ ঘৰত ৯ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল উদ্ধাৰ কৰি হালোৱাটিং থানাত এজাহাৰ দাখিল কৰা হয় আৰু সেইমর্মে গোচৰ ৰজু কৰি ব্যক্তিজনক ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে৷ বকতা নেমুগুৰি অঞ্চলৰ নন্দলাল চাহু নামৰ গেলামাল দোকানত অভিযান চলাই গ্রাহকৰ পৰা প্রশাসনে নির্ধাৰণ কৰি দিয়া দৰতকৈ অত্যাৱশ্যকীয় সামগ্রীৰ দাম অধিক আদায় কৰা আৰু অন্যান্য আসোঁৱাহ ধৰা পেলাই নেমুগুৰি থানাত এজাহাৰ দাখিল কৰা হয়৷ ডিমৌ কেন্দুগুৰি অঞ্চলত মনোজ চাহু নামৰ এজন ব্যক্তিৰ ঘৰত ২৪টা ঘৰুৱা সংযোগৰ আৰু ১টা ব্যৱসায়িক সংযোগৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ লগতে ১৮খন গেছ সংযোগৰ কার্ড অবৈধভাৱে মজুত ৰখাৰ অপৰাধত জব্দ কৰা হয়৷ বেতবাৰী শুকানপুখুৰী অঞ্চলত ৰঞ্জিত বৰঠাকুৰ নামৰ এজন ব্যক্তিৰ দোকানত ১০টা ঘৰুৱা সংযোগৰ গেছ চিলিণ্ডাৰৰ লগতে ১৪খন গেছ সংযোগৰ কার্ড অবৈধভাৱে মজুত ৰখাৰ অপৰাধত জব্দ কৰা হয়৷ জিলা প্রশাসনৰ শাক–পাচলি সম্পর্কীয় নির্দেশনা অমান্য কৰা আৰু সামাজিক দূৰত্ব উলংঘা কৰাৰ অপৰাধত শিৱসাগৰ আৰু ডিমৌত বৃহৎ পৰিমাণৰ শাক–পাচলি জব্দ কৰা হৈছে আৰু শিৱসাগৰ সদৰ থানাত দুজন ব্যৱসায়ীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়৷ এতিয়ালৈকে জিলাখনৰ মুঠ ৩খন সুলভ মূল্যৰ দোকানত অভিযান চলাই ৰেচন কার্ডৰ গৰাকীক প্রাপ্য চাউলতকৈ কম চাউল আদায় দিয়া আৰু ‘অসম ৰাজহুৱা বিতৰণ বিধি– ১৯৮২’ আৰু ‘লক্ষ্য নির্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্রণ আদেশ–২০১৫’ৰ অধীনৰ বিভিন্ন দফা ভংগ কৰাৰ অপৰাধত নিলম্বিতকৰণৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ তেওঁলোক হ’ল ক্রমে সুৰেন বৰুৱা, গধূলি বজাৰ সমবায় সমিতি, বীণা বৰা, জকাইচুক সমবায় সমিতি আৰু নিৰুপ দাস, মৰাবজাৰ সমবায় সমিতি৷

You might also like