সাহায্যৰ ধন আত্মসাৎ; নাজিৰাত ৱার্ড সদস্যক গ্রেপ্তাৰঃ পলাতক ১
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ নাজিৰা মহকুমাৰ অন্তর্গত দোলাকাষৰীয়া গাঁও পঞ্চায়তত সাহায্যৰ ধন আত্মসাৎ কৰাৰ অভিযোগত আৰক্ষীয়ে পঞ্চায়তখনৰ ১০নং ৱার্ডৰ কংগ্রেছৰ ৱার্ড মেম্বাৰ ছেহিদুল হুছেইনক গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰিছে৷ তদুপৰি আন এগৰাকী অভিযুক্ত তথা পঞ্চায়তখনৰে ৯নং ৱার্ডৰ ৱার্ড মেম্বাৰ আৰিফা বেগম বর্তমান পলাতক হৈ আছে৷ উল্লেখ্য যে সম্প্রতি বিৰাজ কৰা সংকটৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কার্ড নথকা প্রতিটো পৰিয়ালক এহেজাৰ টকাকৈ সাহায্য প্রদান কৰিছে৷ কিন্তু নাজিৰাৰ দোলাকাষৰীয়া গাঁও পঞ্চায়তত একাংশ পঞ্চায়ত প্রতিনিধিয়ে তালিকা প্রস্তুতৰ সময়ত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হয়৷ দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ উক্ত দুই পঞ্চায়ত সদস্যই দুর্নীতিৰ আশ্রয় লৈ দৰিদ্র হিতাধিকাৰীৰ এহেজাৰ টকা প্রদানৰ নামত দুর্নীতিত লিপ্ত হোৱাৰ অভিযোগ তোলে স্থানীয় ৰাইজে৷ দুই ৱার্ড মেম্বাৰে হিতাধিকাৰীক এহেজাৰ টকা প্রদান কৰি ফটো তোলাৰ পৰৱর্তী কালত দুশ–পাঁচশকৈ ধন ওভতাই লোৱা বুলি একাংশই অভিযোগ কৰে৷ একাংশ লোকে বিষয়টো নাজিৰাৰ মহকুমাধিপতি সম্প্রীতি গোস্বামীক অৱগত কৰিছিল৷ সমগ্র ঘটনা সন্দর্ভত মহকুমাধিপতিয়ে এগৰাকী বিষয়াক তদন্তৰ দায়িত্ব অর্পণ কৰে৷ বিষয়াগৰাকীয়ে কৰা অনুসন্ধানকালত ঘটনাৰ সত্যতা পোহৰলৈ আহে৷ ইয়াৰ পিছতে মহকুমাধিপতিয়ে নাজিৰা খণ্ড উন্নয়ন বিষয়া অজয় গগৈক দুই ৱার্ড মেম্বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়াত কালিয়েই গেলেকী আৰক্ষী থানাত বিষয়াজনে এটা গোচৰ তৰে৷ সেই মর্মে কালি গেলেকী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া দেৱেন্দ্র চেত্রীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই অসম–নাগালেণ্ড সীমান্তৰ আওহতীয়া স্থানত আত্মগোপন কৰি থকা অৱস্থাত ৱার্ড সদস্য ছেহিদুল হুছেইনক আটক কৰে৷ ধৃত ছেহিদুলক আজি নাজিৰা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ইফালে, পলাতক অভিযুক্ত আৰিফা বেগমৰ বিৰুদ্ধে আৰক্ষীয়ে বর্তমানেও অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে৷