আমেৰিকাত শ্রেষ্ঠ দৰঙৰ নিবিড় শর্মা; লাভ কৰিলে ১ লাখ ডলাৰ
নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ১৮ বছৰীয়া এজন সপ্রতিভ যুৱক৷ আমেৰিকাতে জন্ম৷ আমেৰিকাৰে বায়ু, পানী সেৱন কৰি যুৱকজন ডাঙৰ–দীঘল হৈছে৷ কেমিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্রজনৰ বাক্ভংগী কিম্বা প্রতিক্ষণৰ আচৰণে স্পষ্ট কৰে সঁচাকৈয়ে তেওঁ ড’নাল্ড ড্রাম্পৰ দেশৰেই নাগৰিক৷ পিছে এনে এজন আমেৰিকান যুৱক হঠাৎ মঙলদৈত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰাই নহয়, ক’ৰোনা মহামাৰীৰ দিনতো আমেৰিকাৰ পৰা আনিছে এটা ভাল খবৰ৷ যাৰ বাবে মঙলদৈত বিভিন্নজনৰ হাতত একো একোটা খাদ্যৰ টোপোলা বিতৰণ কৰিও মঙলদৈৰ যুৱ বিধায়ক গুৰুজ্যোতি দাসে এইগৰাকী যুৱকক হিৰোৰ লেখীয়াকৈ তুলি ধৰিছে ছ’চিয়েল মিডিয়াত৷ লক্ষণীয় যে অসম আন্দোলনৰ ভৰপক সময়তে মঙলদৈৰ এক বৌদ্ধিক দিশত আগবঢ়া অঞ্চল ডাঁহীৰ পৰা শিক্ষক পিতৃয়ে পুত্রক লৈ ৮ কিঃমিঃ দূৰৈৰ মঙলদৈত পঢ়ুৱাবলৈ নিতৌ চাইকেলত তুলি অনা–নিয়া কৰাই নহয়, আর্থিক দৈন্যৰ বাবে নিজৰ সপোন পুত্রৰ যোগেৰে পূৰাবলৈ অশেষ কষ্ট স্বীকাৰ কৰিছিল৷ ঘৰ, পৰিয়াল, সম্পত্তিৰ মায়া এৰি শিক্ষকগৰাকীয়ে ৩ সন্তানক এনেদৰে গঢ় দিছিল যে সেই দিনতে তিনিওৱে কটন কলেজৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হোৱাই নহয়, সম্প্রতি তিনিও নিজ নিজ ক্ষেত্রত সুপ্রতিষ্ঠিত৷ ডাঁহী উঃ মাঃ বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্রহণ কৰা আকলু শর্মা দৰঙৰ এগৰাকী লেখত ল’বলগীয়া অভিভাৱক হিচাপেই নহয়, সুন্দৰভাৱে ধুতী–পাটৰ চোলা পৰিধানেৰে চিৰপৰিচিত, সপ্রতিভ, জ্ঞানৱান, আদর্শ শিক্ষাগুৰু৷ শেহতীয়াভাৱে বহুচর্চিত আমেৰিকান যুৱকগৰাকী শর্মাৰেই নাতি৷ মন কৰিবলগীয়া যে শর্মাৰ মাজু পুত্র পংকজ শর্মাই কটনৰ পৰা সুখ্যাতিৰে উত্তীর্ণ হৈ অভিযান্ত্রিক শাখাত স্নাতক সন্মান লাভ কৰে আৰু ১৯৯২ চনতে আমেৰিকান কোম্পানী এটাত আইটি এক্সপার্ট হিচাপে যোগদান কৰে৷ আমেৰিকাত শর্মাই আইটি বিষয়তে স্নাতকোত্তৰ শিক্ষা সম্পূর্ণ কৰি গৱেষণা আৰু পিছলৈ মেনেজমেণ্ট বিষয়ৰো উচ্চ শিক্ষা সম্পূর্ণ কৰে৷ জীৱনৰ সৰহভাগ সময় ৰাজ্যৰ বাহিৰত বা আমেৰিকাত কটোৱা শর্মা আজি দৰঙৰ বাবে গৌৰৱ৷ আমেৰিকাত জন্ম লোৱা নিবিড শর্মাৰ আঁত ধৰি এপদ এপদকৈ পৰিয়ালৰ সন্মান আৰু সাধনা পোহৰলৈ আহিছে৷ কিয়নো নিবিডৰ মাতৃ নমিতা শর্মা পিতৃতকৈ সাফল্য অর্জনত আৰু এখোপ আগবঢ়া৷ নমিতা শর্মাই মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিকৰ পৰা মেড্রিকত ষষ্ঠ স্থান দখল কৰি কটন কলেজৰ পৰাও উচ্চতৰ শাখাতো সাফল্য অর্জন কৰিছিল৷ মঙলদৈ শান্তিপুৰ নিৱাসী নমিতা শর্মা পিছলৈ অভিযান্ত্রিক শিক্ষাৰেই আগবাঢ়ে আৰু আমেৰিকাত থিতাপি লয়৷ এই দুগৰাকী কৃতী ছাত্র আৰু সুপ্রতিষ্ঠিত অভিযন্তাৰ পুত্র তথা কেমিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্র নিবিড শর্মাই ইউনিভার্ছিটী অৱ মিনেছ’টাৰ পৰা আমেৰিকাৰ জি’পার্ডি ২০২০ কলেজ চেম্পিয়ন খিতাপ অর্জন কৰে৷ প্রাইজমানী হিচাপে অর্জন কৰে ১ লাখ ডলাৰ অর্থাৎ ৭৬.৫০ লাখ টকা৷ আন্তঃকলেজ কুইজৰ এনে অনুষ্ঠানত এই বিশাল প্রাইজমানী প্রদানযোগে আমেৰিকান ছাত্র সমাজৰ দৃষ্টিভংগী সলনিৰ প্রয়াস কৰা হয়৷ প্রৱাসী অসমীয়াসকলৰ লগতে অসমত নিবিডৰ সাফল্যই ক’ৰোনাত কক্বকাই থকা আমেৰিকাৰ পৰা এটা ভাল খবৰ আনিছে৷