দায়িত্বশীল আচৰণেহে সুৰক্ষিত কৰিব দেশ
২০ এপ্রিলৰ পৰা দেশৰ ৩৫৪খন জিলাত শিথিল হৈছে লকডাউন৷ মূলতঃ স্তব্ধ হৈ পৰা অর্থনৈতিক ক্ষেত্রখনক গতিদানৰ উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে এই পদক্ষেপ লৈছে৷ সন্দেহ নাই, ইয়াৰ সুফল দেশখনৰ জনসাধাৰণে পাব৷ বিশেষকৈ দৰিদ্র শ্রেণীৰ লোকৰ বাবে নতুন ৰূপৰ লকডাউন আশীর্বাদস্বৰূপ হৈ পৰিব বুলি ক’ব পাৰি৷ কিন্তু ইয়াৰ নেতিবাচক প্রভাৱ পৰাৰো সম্ভাৱনা যথেষ্ট আছে৷ সামাজিক দূৰত্ব মানি নচলিলে হিতে বিপৰীত হ’ব পাৰে৷ যদিওবা সুৰক্ষিত বুলি ধৰি লোৱা অঞ্চলতহে লকডাউন শিথিল কৰা হৈছে, ইয়াৰ অর্থ এইটো নহয় যে দেশৰ এই ৩৫৪খন জিলাৰ লোক ভাইৰাছবিধৰ পৰা সুৰক্ষিত হৈ থাকিব৷ সংক্রমণৰ দেশত এজন ৰোগী থকালৈকে সম্ভাৱনা শেষ হৈ নাযায়৷ তদুপৰি ৰেড জ’নৰ পৰা সমীপৱর্তী গ্রীন জ’ন বা আন অঞ্চললৈ জনগণৰ আহ–যাহ সম্পূর্ণৰূপে বন্ধ কৰাটোও সহজ নহয়৷ মানুহে কেৱল প্রধান প্রধান পথেৰেই অহা–যোৱা নকৰে, পেটৰ তাগিদাত ভিতৰুৱা পথো ব্যৱহাৰ কৰিব পাৰে৷ অর্থাৎ সৰল কথাটো হ’ল, জনসাধাৰণ নিজে সজাগ নহ’লে, বিগত প্রায় চাৰি সপ্তাহে গৃহবন্দী হৈ থাকি ত্যাগ আৰু দায়বদ্ধতাৰ যি অতুল্য প্রদর্শন কৰিলে, সকলো পানীত পৰিব পাৰে ৷
লকডাউনৰ মূল উদ্দেশ্যটো আছিল ক’ভিড–১৯ৰ সংক্রমণ বন্ধ কৰিব লাগে৷ মানুহৰ পৰা মানুহলৈ বিয়পাৰ প্রতিটো পথ বন্ধ কৰিব লাগে৷ সেয়ে জনসাধাৰণক ঘৰতে থাকিবলৈ দিয়া হৈছিল যাতে সামাজিকভাৱে মানুহক বিচ্ছিন্ন কৰি ৰাখিব পাৰি৷ চৰকাৰৰ বাবে ইয়াৰ বিকল্পও নাছিল৷ মাৰাত্মক ভাইৰাছবিধক পৰাজিত কৰিব পৰা কোনো দৰব অথবা ছিটা আজিলৈকে ওলোৱা নাই৷ এনে অৱস্থাত সতর্কমূলক ব্যৱস্থাৰ বিকল্প নাথাকে৷ সেয়ে সামাজিক দূৰত্বৰ ব্যৱস্থা, লগতে ৰোগবিধত আক্রান্ত তথা সন্দেহজনক ৰোগীক আন লোকৰ পৰা আছুতীয়াকৈ নতুবা একাকী হিচাপে ৰাখি সংক্রমণৰ দুৱাৰ বন্ধ কৰাৰ প্রয়াস চলোৱা হৈছে৷ সমগ্র কামখিনি কৰোঁতে সবাতকৈ ক্ষতিগ্রস্ত দৰিদ্র জনসাধাৰণ৷ দিন ভিক্ষা, প্রাণ ৰক্ষাৰে জীৱন অতিবাহিত কৰা লোকসকলৰ বাবে উপার্জনৰ সকলো পথ বন্ধ হৈ যায়৷ আনকি দুবেলা দুমুঠি খাবলৈও তেওঁলোকৰ হাতত একো সুবিধা নোহোৱা হৈ পৰে৷ অকল দৰিদ্র লোকেই নহয়, দেশখনৰ আন আন লোকো সমস্যাত পৰিবলগীয়া হয়৷ এই সংকট এই ত্যাগ, এই দুৰৱস্থাক জনসাধাৰণে মানি লোৱাৰ এটাই কাৰণ, দেশখনৰ নাগৰিক সুস্থ হৈ থাকিব লাগে৷ চৰকাৰেও এটা কথা ভালদৰে জানে যে আজি লকডাউন ঘোষণা কৰি কাইলৈ ইয়াৰ ভয়াৱহ পৰিণতি ভোগ কৰিবলৈ সাজু থাকিব লাগিব দেশৰ অর্থনীতি ধৰাতললৈ নামি আহিব৷ তৎসত্ত্বেও চৰকাৰে লকডাউনৰ দৰে সিদ্ধান্ত এই কাৰণেই ল’বলগীয়া হ’ল যে দেশৰ জনসাধাৰণক সুৰক্ষিত কৰি ৰাখিব লাগিব৷ ক’ভিড–১৯ৰ বিৰুদ্ধে দেশখনত চৰকাৰ–জনসাধাৰণ্ সকলোৱে একেলগে যুঁজিছে৷ সকলোৱে ক্ষতিৰ সন্মুখীন হৈছে আৰু অনাগত দিনতো ইয়াৰ কু–প্রভাৱ ভোগ কৰি থাকিব লাগিব৷ এই অৱস্থাত লকডাউন শিথিল হোৱা মানে সকলো বিপদ শেষ বুলি ধৰি ল’লে বিপদ কিন্তু অনিবার্য৷ সেই বিপদ নিজৰ বাবে আহিব, নিজ ঘৰখনলৈ আহিব৷ সর্বোপৰি দেশখনে ইয়াৰ বিষম ফল ভুগিব লাগিব৷ দায়িত্বশীল আচৰণেহে সমাজ আৰু দেশখনক সুৰক্ষিত কৰি ৰাখিব পাৰিব ৷