নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক ৬হাজাৰ কেজি কুকুৰাৰ মাংস আৰু ৩হাজাৰ কেজি ছাগলীৰ মাংস বিক্ৰী

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ দৈনিক ৬ হাজাৰ কেজি কুকুৰাৰ মাংস আৰু ৩ হাজাৰ কেজি ছাগলীৰ মাংস বিক্ৰী কৰিছে পশুধন নিগমে। পূৰ্বতকৈ অধিক সক্ৰিয়  হৈছে পশুধন নিগম। স্বাস্থ্য সন্মত হৈ বিক্ৰী কৰিছে এই মাংস। লক ডাউনৰ সময়ছোৱাত ৰাইজ যাতে ঘৰৰ পৰা ওলাই নাহে তাৰ বাবে হোম ডেলিভাৰীৰো ব্যৱস্থা কৰিছে নিগমে। আনহাতে ৰাজ্যত উৎপাদিত শাক-পাচলি, ফল-মূল বহিঃৰাজ্যলৈ নিয়াৰো ব্যৱস্থা কৰাৰো চিন্তা-চৰ্চা কৰা হৈছে এই মন্তব্য কৃষি মন্ত্ৰী অতুল বৰাৰ। আনহাতে SWINE FEVERত বহু গাহৰিৰ মৃত্যু হৈছে। এই ৰোগ প্ৰতিৰোধৰ বাবে প্ৰতিখন জিলাত ৫জনীয়া চিকিৎসকৰ এটা দলে পৰ্যবেক্ষণ কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like