নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰডুমচা আৰক্ষীয়ে বুজাবুজিৰে এৰি দিলে বনমাফিয়াক

নিয়মীয়া বার্তা, ২২ এপ্রিলঃ ডুমডুমাৰ খাটাংপানী (পেঙেৰী) বনাঞ্চলিক বিষয়াৰ কার্যালয়ৰ অধীনস্থ বনাঞ্চলসমূহত লকডাউনৰ সুযোগ গ্রহণ কৰি বন মাফিয়াই মূল্যৱান হোলোং গছ কাটি খাস্তাং কৰিছে ৷ খাটাংপানী বনাঞ্চলিকৰ তৰাণী আৰু বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত হোলোং কাঠৰ ধ্বংস কৰি থকাৰ সমান্তৰালকৈ ডিগবৈ বন সংমণ্ডলৰ অন্তর্গত আপাৰ দিহিং বর্ষাৰণ্যৰ ৰজাআলি বীটৰ ডিব্রু নৈৰ পাৰত কাঠ ফলা আৰু কটা যন্ত্রৰ জৰিয়তে দিনে–নিশাই চলিছে বনজ সম্পদৰ লুণ্ঠন ৷ ইফালে বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অংশত বন মাফিয়াই ভালেসংখ্যক হোলোং গছ কাটি নিয়াৰ বিপৰীতে অধিকাংশ বনাঞ্চলতে পৰি ৰ’ল ৷ এই ঘটনাৰ সম্ভেদ পাই সীমিতসংখ্যক বনকর্মীয়ে হোলোং কাঠৰ কুন্দাখিনি সুৰক্ষিত কৰি ৰখাৰ সমান্তৰালকৈ স্থানীয় লোকৰ অভিযোগ অনুসৰি বনাঞ্চলিক বিষয়া হীৰেন কুমাৰ মেদকে বৰডুমচা থানাৰ অন্তর্গত কৰিয়াজান গাঁৱৰ তিনিজন ব্যক্তি ক্রমে টেজেন্দ্রজিৎ সোণোৱাল, সোণটো সোণোৱাল আৰু সদানন্দ ফুকনৰ বিৰুদ্ধে বৰডুমচা থানাত এক এজাহাৰ দাখিল কৰে ৫ মার্চত ৷ সেইসূত্রে সোমবাৰে নিশা বৰডুমচা আৰক্ষীয়ে কৰিয়াজানৰ ফুকন আৰু সোণোৱাল উপাধিৰ দুজনক আটক কৰে ৷ কিন্তু মঙলবাৰে পুৱা বৰডুমচাৰ আৰক্ষীয়ে বিভাগীয় কর্তৃপক্ষক নজনোৱাকৈয়ে ধৃত কাঠমাফিয়া দুজনক মুকলি কৰি দিয়ে ৷ এটা সূত্র অনুসৰি অসমৰ কাঠ মাফিয়াসকলক অৰুণাচল প্রদেশৰ এটা চক্রই পৃষ্ঠপোষকতা আগবঢ়াই চোৰাং কাঠ সৰবৰাহত উৎসাহিত কৰি আহিছে ৷ এটা নির্ভৰযোগ্য সূত্রই হোলোং কাঠৰ অবৈধ বেহাৰ নেপথ্যত এটা ছাত্র সংগঠনৰ আঞ্চলিক পর্যায়ৰ নেতাবিশেষো জড়িত থকাৰ কথা প্রকাশ কৰিছে ৷

You might also like