নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

DC, SP লৈ নির্দেশ মুখ্যমন্ত্রীৰঃ তিনি দিনৰ মূৰে মূৰে জিলাৰ দায়িত্বত থকা মন্ত্রীৰে হ’ব বৈঠক

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ক’ভিড–১৯ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰে দিয়া কঠোৰ নির্দেশনাসমূহ সঠিকভাৱে ৰূপায়ণৰ স্বার্থত প্রতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তিনি দিনৰ অন্তৰে অন্তৰে জিলাৰ দায়িত্বত থকা মন্ত্রীৰ সৈতে বৈঠকত মিলিত হোৱাৰ নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ লকডাউনৰ নীতি–নিয়ম পালন কৰা আৰু এইক্ষেত্রত যিবোৰ শিথিলতা অনা হৈছে, সেই ক্ষেত্রত সামাজিক দূৰত্ব বজাই ৰাখি তাক সঠিক ৰূপত পালন কৰাটো সুনিশ্চিত কৰাৰ বাবেই মুখ্যমন্ত্রী সোণোৱালে এই নির্দেশ দিয়ে৷ এই সম্পর্কত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী সোণোৱালে কয় যে লকডাউনৰ দ্বিতীয় পর্যায়ত ৰাইজৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্রহণ কৰা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশাৱলীৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন খণ্ডত কাম আৰম্ভ কৰা হৈছে৷ এনে অৱস্থাত সামাজিক দূৰত্ব যাতে বজাই ৰাখি সঠিক ৰূপত কর্মক্ষেত্রত সকলোৱে অগ্রসৰ হয়, সেই দিশত সম্পূর্ণ গুৰুত্ব দিব লাগিব৷ আনহাতে, ৰমজান মাহৰ সময়ছোৱাত ইছলাম ধর্মীয় লোকসকলক সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ ঘৰৰ ভিতৰতে নামাজ পঢ়িবলৈ মুখ্যমন্ত্রী সোণোৱালে আহ্বান জনায়৷ ৰমজানৰ সময়ছোৱাত ফলমূলৰ যাতে কোনোধৰণৰ নাটনি নহয়, তাক সুনিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে জাতি–ধর্ম– ভাষা নির্বিশেষে সকলোৱে ঐক্যবদ্ধভাৱে ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধ কৰাৰ বাবে যুঁজত নামি পৰিছে৷ এই সম্পর্কত মুখ্যমন্ত্রী সোণোৱালে মঙলবাৰে গুৱাহাটী ফলমূলৰ ব্যৱসায়ী সন্থাৰ সৈতে এখন বৈঠকত মিলিত হয়৷ ফলমূলৰ ব্যৱসায় সামাজিক দূৰত্ব বজাই ৰাখি যাতে আৰম্ভ কৰিব পৰা যায়, সেই দিশত এক ব্যৱস্থা গঢ়ি তোলাৰ বাবে মুখ্যমন্ত্রীয়ে উপায়ুক্তক নির্দেশ দিয়ে৷ ইপিনে, ৰাজ্যৰ গাঁওবুঢ়া আৰু চাহ বাগিচাৰ চর্দাৰসকলৰ সৈতে মুখ্যমন্ত্রী সোণোৱালে আজি অডি’ কনফাৰেঞ্চযোগে বার্তালাপত মিলিত হয়৷ গাঁওবুঢ়াসকলৰ সৈতে হোৱা বার্তালাপৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে কেন্দ্রীয় চৰকাৰৰ গাইডলাইন অনুসৰি অসম চৰকাৰে সম্প্রতি সামাজিক দূৰত্ব বজাই ৰাখি ৰাজ্যখনত কৃষিকার্য মুকলি কৰাৰ দিহা কৰিছে৷ গাঁৱৰ কৃষকসকলে যাতে খেতিপথাৰত নমাৰ সময়ত চৰকাৰে জাৰি কৰা স্বাস্থ্যসন্মত বিধি–বিধানসমূহ সম্পূর্ণৰূপে মানি চলে, সেই দিশত চকু ৰাখিবলৈ গাঁওবুঢ়াসকলক আহ্বান জনায়৷ সেইদৰে চাহ বাগিচাৰ চর্দাৰসকলৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রী সোণোৱালে কয় যে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি ৫০ শতাংশ শ্রমিকৰ সৈতে বাগিচাসমূহত কাম আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰে অনুমতি প্রদান কৰিছে৷ কর্মস্থলীত শ্রমিকসকলে যাতে সামাজিক দূৰত্বৰ নিয়ম সঠিকভাৱে বর্তাই ৰাখে, সেয়া চর্দাৰসকলে সুনিশ্চিত কৰিব লাগিব৷ কর্মথলীত প্রতিগৰাকী শ্রমিকে মাস্ক পৰিধান কৰাটো নিশ্চিত কৰাৰ লগতে শ্রমিকসকলৰ হাত ধোৱাৰ বাবে পর্যাপ্ত পানী আৰু চাবোনৰ ব্যৱস্থা কৰিবলৈ তেওঁ চর্দাৰসকলক আহ্বান জনায়৷

You might also like