নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকত সন্ত্রস্ত ৰাজ্যবাসীঃ ১০৪ সেৱালৈ ১২,৮৫৩ টা ফোন কল

নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউন সমগ্র দেশৰ লগতে অসমতো অব্যাহত আছে৷ লকডাউনৰ মাজতে ক’ৰোনা ভাইৰাছ সন্দর্ভত আৰু এই ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত চিকিৎসা সংক্রান্তীয় পৰামর্শ বিচাৰি নিতৌ অসমৰ বিভিন্ন প্রান্তৰ পৰা বহুসংখ্যক মানুহে ফোন কৰি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ পৰা লাভ কৰা তথ্য মতে আজিৰ তাৰিখলৈকে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা মুঠ ১২,৮৫৩টা ফোনকল লাভ কৰে ১০৪ (সাৰথি) সেৱাই৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ এক শীর্ষ সূত্রই জনোৱা মতে দেশত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ চিনাক্ত হোৱাৰ পিছতে অসমত ক’ৰোনা ভাইৰাছ কি আৰু এই ভাইৰাছত আক্রান্ত হ’লে ইয়াৰ লক্ষণসমূহ কেনেকুৱা, সেই বিষয়ে জানিবলৈ ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ১০৪ সেৱাত ফোন কৰিছে৷ আনহাতে, ক’ৰোনা ভাইৰাছে সৃষ্টি কৰিব পৰা সম্ভাব্য ভয়াৱহ পৰিস্থিতিৰ প্রতি প্রধানমন্ত্রীয়ে দেশৰ লকডাউন ঘোষণা কৰাৰ পিছত অসমত ১০৪ সেৱাত ফোনকল পূর্বতকৈ বেছিকৈ আহিবলৈ ধৰে৷ কিন্তু দিল্লীৰ নিজামুদ্দিন মার্কাজৰ জামাতত অংশ লৈ ঘূৰি অহা অসমৰ প্রথমজন ক’ৰোনা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা ১০৪ সেৱালৈ অহা ফোনকলৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়৷ বিশেষকৈ নিজামুদ্দিনৰ পৰা অসমলৈ উভতি অহা লোকসকলক ১০৪ সেৱা, স্বাস্থ্যকেন্দ্র বা স্থানীয় আৰক্ষীৰ লগত যোগাযোগ কৰি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনোৱাৰ পিছত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা দৈনিক প্রায় ৬–৭ হাজাৰ ফোনকল আহে ১০৪ সেৱাত৷ এনে ফোনকলসমূহৰ ভিতৰত কিছুসংখ্যক ফোনকলৰ উত্তৰ বা পৰামর্শ ১০৪ সেৱা কর্তৃপক্ষই লগে লগে দিয়ে আৰু কিছুসংখ্যক কল নিয়ন্ত্রণ কক্ষলৈ ফৰৱার্ড কৰে৷ সেইমর্মে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ কার্যালয়ত থকা নিয়ন্ত্রণ কক্ষই ফোন কৰা ব্যক্তিজনৰ উদ্দেশ্য বা কাৰণৰ গুৰুত্ব অনুসৰি পৰৱর্তী পদক্ষেপ গ্রহণ কৰে৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ শীর্ষ সূত্রটোৱে জনোৱা মতে প্রয়োজন অনুসৰি ফোন কৰা ব্যক্তি চিকিৎসালয়ত ভর্তি হ’বলৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ গাড়ী পঠিয়াই দিয়া হয়৷ নতুবা সেই ব্যক্তিজনক স্থানীয় চিকিৎসা কেন্দ্রত যোগাযোগ কৰিবলৈ দিয়া হয়৷ ক’ৰোনা ভাইৰাছৰ লক্ষণ থকা বুলি ১০৪ সেৱালৈ ফোন কৰা বহু লোকক ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রান্তত কোৱাৰেণ্টাইন কৰাৰ লগতে নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে৷ নমুনা পৰীক্ষাত নিগেটিভ পোৱাত আৰু কোৱাৰেণ্টাইনৰ সময় উকলি যোৱাত এনে বহু লোকক ইতিমধ্যে ঘৰলৈ যাবলৈ দিয়া হৈছে বুলিও সূত্রটোৱে জানিবলৈ দিয়ে৷ সূত্রটোৱে লগতে জনোৱা মতে, লকডাউনৰ পূর্বে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা আৰু তেওঁলোকৰ সংস্পর্শলৈ অহা মুঠ ৪,১১,৯১৪জন লোকক আজিৰ তাৰিখলৈকে ছার্ভিলেঞ্চ টীমে সূক্ষ্মভাৱে নিৰীক্ষণ কৰে৷ সেইদৰে ৰাজ্যৰ বিভিন্ন প্রান্তত আজিৰ তাৰিখলৈকে ৩,৩৩৮ আইচ’লেচন বিছনাৰ ব্যৱস্থা কৰা হৈছে৷ য’ত গুৰুতৰভাৱে অসুস্থ লোকক ৰাখি চিকিৎসা প্রদানৰ বাবে প্রয়োজনীয় সকলো আন্তঃগাঁথনি আছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলা প্রশাসনৰ সহযোগত বর্তমানলৈকে ১০,০৬১জন ব্যক্তিক ৰাখিব পৰাকৈ কোৱাৰেণ্টাইনৰ ব্যৱস্থা গঢ়ি তোলা হৈছে৷

You might also like