স্বাস্থ্য কৰ্মীক আক্ৰমণৰ ওপৰত কঠোৰ কেন্দ্ৰঃ আক্ৰমণকাৰীক ৭ বছৰ কাৰাবাসৰ লগতে জৰিমণা
নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ চিকিৎসক সকলক আক্ৰমণ কৰাক লৈ কঠোৰ হৈছে কেন্দ্ৰ। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এখন অধ্যাদেশ গৃহীত কৰা হৈছে। এতিয়াৰে পৰা যদি স্বাস্থ্য কৰ্মী সকলৰ ওপৰত আক্ৰমণ হয় তেতিয়া আক্ৰমণকাৰীৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ’ব। যত তিনি মাহৰ পৰা ৭ বছৰ লৈকে শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। লগতে ১ লাখৰ পৰা ৫ লাখ টকা লৈকে জৰিমণা বিহাৰ ব্যৱস্থা কৰা হৈছে।
বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেড়কাৰে কয় যে স্বাস্থ্য কৰ্মী সকলৰ ওপৰত হোৱা আক্ৰমণ সহ্য কৰা নহব। যাৰ বাবে অধ্যাদেশখন গৃহীত কৰা হৈছে আৰু ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে আইনত পৰিমণত হ’ব।