নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ প্ৰভাৱঃ ছয়গাঁৱৰ ষ্ট্ৰ’বেৰী কৃষকসকলৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : ক’ৰোনা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে ভাৰতত মহামাৰী ৰূপ ধাৰণ কৰিছে যাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰত লকডাউন দিছে । এই লকডাউন দিয়াৰ বাবে কৃষকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ জনজাতীয় প্ৰধান অঞ্চল কৰ্দৈগুৰিত ৫ বছৰ আগতে একাংশ কৃষকে ষ্ট্ৰ’বেৰীৰ খেতি আৰম্ভ কৰিছিল । উক্ত যুৱক সকলে এই ষ্ট্ৰ’বেৰীৰ খেতি কৰি স্বাৱলম্বী হৈছিল । যুৱকসকলে উৎপাদন কৰা ষ্ট্ৰ’বেৰী সমূহ বিভিন্ন ঠাইলৈ ৰপ্তানী কৰি নিজৰ লগতে পৰিয়ালৰ লোকক কিছু পৰিমাণে সকাহ দিবলৈ সক্ষম হৈছিল । কিন্তু ক’ৰোনা ভাইৰাছৰ ত্ৰাসৰ বাবে মূল্যবান ষ্ট্ৰ’বেৰী সমূহ বিক্ৰী কৰিব নোৱাৰি গছতে পকি সৰি যোৱাৰ লগতে চৰাই চিৰিকতিয়ে খাই নষ্ট কৰিব ধৰিছে যাৰ বাবে এতিয়া খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আনহাতে, ধুমুহা, বৰষুণ, শিলৰ বাবে খেতিসমূহৰ বহুতো অনিষ্ট সাধন হোৱা বুলি জানিব পৰা গৈছে । সেয়ে উৎপাদিত ষ্ট্ৰ’বেৰী সমূহ বিক্ৰী কৰাৰ বাবে ৰাজ্যৰ কৃষিবিভাগ তথা কৃষমন্ত্রীগৰাকীক দুৰ্ভগীয়া কৃষক সকলে আহ্বান জনাইছে । এই ক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগ তথা বিভাগীয় মন্ত্রী গৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হব লক্ষণীয় ।

You might also like