নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ১৭ গৰাকী উপাচাৰ্যৰ সৈতে শিক্ষামন্ত্ৰীৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ক’ভিড-১৯ সংক্ৰমণৰ সময়ছোৱাত ৰাজ্যৰ অন্যতম মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিনে-নিশাই ব্যস্ত আছে নিজৰ কৰ্তব্যত । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কনফাৰেঞ্চিৰ জৰিয়তে ৰাজ্যৰ ১৭ খন বিশ্ববিদ্যালয়ৰ  ১৭ গৰাকীকৈ উপাচাৰ্যৰ সৈতে এক বৈঠকত মিলিত হয় । শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মূল্যবান শিক্ষাবৰ্ষ যাতে ক্ষতিগ্ৰস্ত নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে এই বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী । উপাচাৰ্যসকলৰ পৰা শিক্ষণ তথা শিকন পৰিকাঠামো সম্বন্ধীয় বিভিন্ন মত আৰু উদ্ভাৱনীমূলক পৰামৰ্শ গ্ৰহণ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

You might also like