লকডাউনৰ মাজতে টংলাত বোৱাৰী নিৰুদ্দেশ
নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ নিৰুদ্দেশ হৈ আছে ওদালগুৰি জিলাৰ এগৰাকী বোৱাৰী। বোৱাৰী গৰাকী হৈছে ভেৰগাঁও মহকুমাৰ টংলা চহৰৰ ১ নং খণ্ডৰ নবীন পল্লীৰ নিৱাসী বাবলু পালৰ পত্নী পৰী খান পাল (২১)। যোৱা ১৯ এপ্ৰিলৰ পৰা বোৱাৰী গৰাকী নিৰুদ্দেশ হৈ আছে।
উল্লেখ্য যে যোৱা ১৯ এপ্ৰিলৰ পুৱা প্ৰায় ৬ মান বজাত পৰী খান পালে টংলা ৰে’ল ষ্টেচনৰ সমীপৰ পিতৃ ঘৰলৈ ওলাই যায় যদিও উভতি নহাত স্বামী বাবলু পালে পৰী খান পালৰ ঘৰলৈ যায়। তেতিয়া পৰী খান পালৰ পিতৃ-মাতৃয়ে জনায় যে পৰী পিতৃ গৃহলৈ অহা নাই। তাৰ পিছত বাবলু পালৰ পৰিয়ালে বিভিন্ন ঠাইত খা-খবৰ কৰে যদিও কোনো সন্ধান নোলোৱাত যোৱা ২০ এপ্ৰিলত টংলা থানাত নিৰুদ্দেশ সম্পৰ্কে এখন এজাহাৰ দাখিল কৰে।
পিন্ধনত হালধীয়া ৰঙৰ নাইটি, গাৰ বৰণ বগা আৰু পাঁচ ফুট উচ্চতাৰ পৰী পাল খানৰ সন্ধান পালে 8100900047 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। আনহাতে লকডাউনৰ সময়ছোৱাত এনেদৰে বোৱাৰী এগৰাকী নিৰুদ্দেশ হোৱাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।