দীর্ঘদিনলৈকে বিশ্বত থাকিব ক’ভিড–১৯ৰ সংক্রমণ
বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্র’ছ এ গেব্রিয়েছাছ
নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ বিশ্বজুৰি সংহাৰী ৰূপ লোৱা ক’ভিড–১৯ৰ সংক্রমণ দীর্ঘদিনলৈকে থাকিব ৷ বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেড্র’ছ আধান’ম গেব্রিয়েছাছে কালি ক’ভিড–১৯ সন্দর্ভত দেশসমূহক এই সকীয়নি প্রদান কৰিছিল৷ বিশ্বৰ বিভিন্ন প্রান্তত এতিয়াও এই ক’ভিড–১৯ৰ সংক্রমণ প্রাৰম্ভিক পর্যায়তে আছে বুলি উল্লেখ কৰি মুৰব্বীগৰাকীয়ে মানৱ জাতিৰ মাজত ভয়াৱহ ভাইৰাছটোৰ সংক্রমণ দীর্ঘদিন ধৰি থাকিব বুলি সকীয়নি দিছে৷ উল্লেখ্য যে কিছুসংখ্যক দেশে মহামাৰী ভাইৰাছটোৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হ’লেও আফ্রিকা আৰু আমেৰিকাত ইয়াৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই আছে৷ আনহাতে, ইউৰোপৰ পশ্চিম প্রান্তৰ বিভিন্ন দেশত সম্প্রতি ভাইৰাছৰ সংক্রমণ সুস্থিৰ হৈছে অথবা নিম্নগামী হৈছে৷ কিছু দেশত ইয়াৰ সংক্রমণ প্রথম পর্যায়তে আছে, আনপিনে উদ্বিগ্ণতাৰ বিষয় এইটোৱে যে কিছুমান দেশত পুনৰায় ক’ভিড–১৯ৰ সংক্রমণ আৰম্ভ হৈছে৷ যোৱা ৩০ জানুৱাৰীত ক’ভিড–১৯ক মহামাৰী হিচাপে ঘোষণা কৰাৰ পিছত ২১০খন দেশলৈ ই সংক্রমিত হৈছে৷ ভয়াৱহ ভাইৰাছটোৰ ক্ষেত্রত যাতে কোনো দেশে ভুল নকৰে তাৰ প্রতি সকীয়নি দি হুৰ নির্দেশনাৱলী মানি চলিবলৈ আহ্বান জনায় মুৰব্বীগৰাকীয়ে৷