ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ তথ্য ফাদিল কৰা চীনৰ ৩ সাংবাদিক দুমাহে সন্ধানহীন
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ চীনৰ য়ুহানত ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে চীনৰ এজন যুৱ সাংবাদিকে য়ুহান চহৰত এই সংকটৰ ওপৰত এটা ভিডি’ পোষ্ট কৰিছিল৷ দুমাহ পূর্বে ইউটিউবত পোষ্ট কৰা এই ভিজি’টো বলপূর্বকভাৱে বন্ধ কৰা হৈছিল৷ এই চাঞ্চল্যকৰ ভিডি’টো পোষ্ট কৰাৰ পাছৰে পৰাই লি জেহুৱা নামৰ ২৫ বছৰীয়া সাংবাদিকজনৰ উপৰি আৰু আন দুজন য়ুহানত দুমাহ ধৰি সন্ধানহীন হৈ আছে৷ যোৱা ২০ ফেব্রুৱাৰীত প্রকাশ পোৱা এই ভিডি’টোত দেখিবলৈ পোৱা গৈছিল ক’ৰোনা ভাইৰাছত মৃত্যু হোৱা শ শ লোকক গাড়ীত ভৰাই নিবলৈ বহুসংখ্যক অস্থায়ী কুলী নিয়োগ কৰা হৈছিল৷ ইউটিউবত প্রায় ৮.৫ লাখ লোকে প্রত্যক্ষ কৰা এই ভিডি’টো পিছত চীনে লক কৰি দিয়ে৷ দুদিনমান পিছত সাংবাদিকজনে এটা লাইভ ভিডি’ ফুটেজ ভাইৰেল কৰে, যিটো ভিডি’ত আৰক্ষী তেওঁৰ ঘৰলৈ যোৱা দেখা পোৱা গৈছিল৷ ইয়াৰ পিছতে ২৫ বছৰীয়া যুৱ সাংবাদিকজন নিৰুদ্দেশ হৈ আছে৷ তেওঁৰ উপৰি আন দুজন চীনৰ সাংবাদিক চেণ্ট কিউচি আৰু ফেং বিনেও য়ুহানৰ হাস্পতালৰ পৰা এখন মিনি বাছত মৃতদেহ উঠাই লৈ যোৱাৰ ভিডিঅ’ ফুটেজ ভাইৰেল কৰিছে৷ ফলত এই দুজন সাংবাদিকো তেতিয়াৰে পৰাই সন্ধানহীন হৈ আছে ৷