নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকটক ভিডিঅ’ বনাই নিলম্বিত আৰক্ষী উপ–পৰিদর্শক

নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ পথচাৰীৰ টিকটক ভিডি’ বনাই নিলম্বিত হ’ল অসম আৰক্ষীৰ এজন উপ–পৰিদর্শক৷ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষী থানাৰ উপ–পৰিদর্শক ভূপেন্দ্র ৰাৱতে কালি কেইজনমান লকডাউন উলংঘাকাৰীক শাস্তি প্রদান কৰিছিল৷ এই ঘটনাৰ ভিডি’ ৰেকর্ডিং কৰি আৰক্ষী বিষয়াজনে এটা টিকটক ভিডি’ বনাই ছ’চিয়েল মিডিয়াত আপলোড কৰে৷ আৰক্ষী বিষয়াজনৰ নীতি–বহির্ভূত কর্মকাণ্ডক লৈ চৌদিশে বিৰূপ প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছত উপ–পৰিদর্শক ৰাৱতক চাকৰিৰ পৰা নিলম্বিত কৰা হয়৷

You might also like