নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰতে ঔষধ যোগানৰ ব্যৱস্থা চৰকাৰৰ; ২০০ টকা মূল্যৰ ঔষধত দিব নালাগে ধন

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ লকডাউনৰ সময়ত জনসাধাৰণলৈ বিশেষ সকাহ ৰাজ্য চৰকাৰৰ । ঘৰতে প্ৰয়োজনীয় ঔষধ যোগানৰ ব্যৱস্থা কৰিছে চৰকাৰে । ২০০ টকা মূল্যৰ ঔষধত দিব নালাগে ধন । এই কথা আজি সংবাদমেলযোগে জনালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনায় যে ঘৰৰ কাষৰীয়া অঞ্চলত যদি প্ৰয়োজনীয় ঔষধ নাপায় তেন্তে ১০৪ নম্বৰত যোগাযোগ কৰিব পাৰিব ।

যদি চৰকাৰে যোগান ধৰা সেই ঔষধটোৰ মূল্য ২০০ টকাৰ অধিক হয়, তেন্তে ঔষধটোৰ মূল্য MPW বা আশা বাইদেউসকলৰ হাতত দিব লাগিব ।

আনহাতে ৰাইজৰ প্ৰয়োজনীয় ঔষধৰ নিদান পত্ৰ (prescription) খন পোনে পোনে সংশ্লিষ্ট বিভাগলৈ দিব পৰাকৈ শীঘ্ৰে এটা হোৱাটছএপ নম্বৰ মুকলি কৰাৰ কথাও স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে ।

You might also like