পানীখাইতীত সাহায্য ডাউন টাউন বিশ্ববিদ্যালয়ৰ
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিহত কৰাৰ বাবে ৰাজ্যত দ্বিতীয় পর্যায়ৰ লকডাউন চলি আছে৷ লকডাউনৰ সময়ত শ্রমিক পৰিয়ালক সহায় কৰিবলৈ আহবাঢ়ি আহিল মহানগৰীৰ পানীখাইতীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ে৷
শুকুৰবাৰে বিশ্ববিদ্যালয় কর্তৃপক্ষই পানীখাইতী গাঁও পঞ্চায়ত এলেকাৰ ৰাজাবাৰী, পানীখাইতী ৰে’ল ষ্টেচন, কালী মন্দিৰ বস্তি, তামোলবাৰী, গাৰোবস্তি, আমগাঁও, খেলবাৰী আদি অঞ্চলৰ প্রায় সহস্রাধিক শ্রমিক দৰিদ্র পৰিয়ালৰ মাজত চাউল, দাইল, মিঠাতেল, নিমখ, বিস্কুটকে আদি কৰি কেইবাবিধো খাদ্য সামগ্রীভর্তি একোটাকৈ টোপোলা বিতৰণ কৰে৷ এইক্ষেত্রত বিশ্ববিদ্যালয়খনৰ সহঃ পঞ্জীয়ক অসীম বর্মনে জনোৱা মতে পানীখাইতী অঞ্চলৰ দৰিদ্র পৰিয়ালক সাহায্য প্রদান কৰাৰ পিছত চন্দ্রপুৰ অঞ্চলৰো একাংশ দৰিদ্র পৰিয়ালৰ মাজত এই খাদ্য সামগ্রী বিতৰণ কৰা হ’ব৷