মহাৰাষ্ট্রফেৰৎ পৰিয়ালক লৈ যোৰহাটত আতংক
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ মহাৰাষ্ট্রৰ পৰা আহি গোপনে ঘৰত সোমাই থকা এটা পৰিয়ালক কেন্দ্র কৰি যোৰহাটত তীব্র আতংকৰ সৃষ্টি হয়৷ শুকুৰবাৰে জিলা প্রশাসনে পৰিয়ালটোৰ লগতে আন কেইবাজনকো কোৱাৰেণ্টাইন কৰে৷
উল্লেখ্য যে নগৰৰ ভোগদৈ দলঙৰ সমীপৰ এটি ৰোডৰ কাষৰে মনোজ কুমাৰ আগৰৱালা (৫০)ই যকৃতৰ ৰোগত আক্রান্ত হৈ দীর্ঘদীন ধৰি মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল৷ কালি নিশা লোকজনৰ লগতে ভাতৃ আৰু পত্নীও এখন এম্বুলেঞ্চেৰে আহি ঘৰত উপস্থিত হয়৷
কথাটো জনাজনি হোৱাৰ পিছতে প্রথমে স্থানীয় ৰাইজৰ মাজত তীব্র আতংকৰ সৃষ্টি হয়৷ আজি পুৱা ৰাইজে প্রথমে আশাকর্মীক কথাটো অৱগত কৰি জিলা প্রশাসনৰ লগত যোগাযোগ কৰি জানিব পাৰে যে লোকজনে তেওঁ আহি যোৰহাটত উপস্থিত হোৱা কথা জিলা প্রশাসনক জনোৱা হোৱা নাই৷ এনে প্রেক্ষাপটত অতিৰিক্ত উপায়ুক্ত সূর্যকমল বৰাৰ লগতে আৰক্ষীৰ এটা দলে তদন্ত কৰাত মনোজ কুমাৰ আগৰৱালাই মহাৰাষ্ট্রত চিকিৎসাৰ অন্তত এখন এম্বুলেঞ্চেৰে আহি যোৱানিশা উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে৷ লোকজনে মহাৰাষ্ট্রত তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছত ক’ৰোনাত আক্রান্ত হোৱা নাই বুলি উল্লেখ থকা এখন নিদান–পত্র দেখুৱায়৷ কিন্তু যোৰহাট জিলা প্রশাসনে ঘটনাটোৰ লগত কোনোধৰণৰ বুজাবুজি নকৰি ততালিকে মনোজ আগৰৱালাৰ লগতে ভাতৃ কমল আগৰৱালা আৰু পত্নী আশা ডালমীয়াৰ লগতে তিনিজন ঘৰুৱা কর্মী আৰু মহাৰাষ্ট্রৰ পৰা অহা এম্বুলেঞ্চৰ চালক দুজনকো স্বাস্থ্য পৰীক্ষা কৰাই কেউজনকে ১৪ দিনৰ কাৰণে কোৱাৰেণ্টাইন কৰে৷ ইফালে, তেওঁলোকৰ বাসগৃহও ছীল কৰি দিয়া হয়৷ ঘটনাটোক লৈ সমগ্র অঞ্চলটোত ৰাইজৰ মাজত অদ্যাপি তীব্র আতংকই বিৰাজ কৰি আছে৷