নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’–‘নিউজ লাইভ’ৰ প্রয়াসত ১৪ বাতৰিকাকত বিতৰকক ছিপাঝাৰত সম্বর্ধনা, খাদ্যসামগ্রী বিতৰণ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ  বাতৰিকাকতে ক’ৰোনাৰ বীজাণু সংক্রমণ কৰে বুলি একাংশ লোকে পৰিকল্পিতভাৱে চলোৱা অপপ্রচাৰে বাতৰিকাকতৰ প্রতিয়েই সংশয় কঢ়িয়াই অনাৰ পিছতো কিন্তু বিতৰকসকলে প্রতিনিয়ত নিজৰ দায়িত্ব পালন কৰি আহিছে৷ বিতৰকসকলৰ এই সামাজিক দায়বদ্ধতাক আনুষ্ঠানিক এক স্বীকৃতি দিয়াৰ প্রয়াসেৰে ছিপাঝাৰৰ ১৪গৰাকী বিতৰকক বিশেষভাৱে শুকুৰবাৰে সম্বর্ধনা জ্ঞাপন কৰা হয়৷

‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ৰ হৈ ছিপাঝাৰস্থিত সাংবাদিক ৰণজিৎ কুমাৰ নাথ আৰু ভিডিঅ’ সাংবাদিক গকুল কৃষ্ণ হাজৰিকা (ৰুবু)ই বিতৰকসকলক একোখনকৈ ফুলাম গামোচাৰে সম্ভাষণ জ্ঞাপন কৰে৷

লক্ষণীয় যে বিতৰকসকলক সম্ভাষণ জনোৱা এই অনুষ্ঠানটোত সহযোগ কৰা ছিপাঝাৰৰ অগ্রণী সামাজিক–সাংস্কৃতিক অনুষ্ঠান ‘নেপথ্য’ৰ পৰা একোটিকৈ খাদ্য সামগ্রীৰ টোপোলা প্রদান কৰা হয়৷ নেপথ্যৰ হৈ দিব্যজ্যোতি শর্মা, যুগল চহৰীয়া আৰু মুন মহন্তই বিতৰকসকলক অনাগত সময়তো সহায়ৰ প্রতিশ্রুতি দিয়ে৷ বিতৰক ক্রমে মানসজ্যোতি বৰুৱা (হাজৰিকাপাৰা), ক্ষীৰোদ চন্দ্র বডা (বৰদৌলগুৰি), সীতাৰাম কলিতা (লেখাৰুপাৰা), গোলাপ কলিতা (দেৱানন্দ), ইন্দাদুল ৰহমান (ঘোঁৰাশাল), জগত কলিতা (কলেজ চ’ক), দীপক ডেকা (দীঘিৰপাৰ), ৰেব ভূঞা (কদমতলী), কন্দর্প নাথ (পকাদলি), শশীন্দ্র নাথ (ঘোঁৰাবান্ধা), প্রকাশ চহৰীয়া (ঘোঁৰাবান্ধা), ক্ষেমাধৰ শর্মা (ব্যাসপাৰা), গোপাল কলিতা (হাজৰিকাপাৰা) আৰু মণ্টু কলিতা (আঠীয়াবাৰী)ক সম্বর্ধনা জনোৱা হয়৷

আনহাতে, মানসজ্যোতি বৰুৱা, ক্ষীৰোদ বৰা আৰু ইন্দাদুল ৰহমানে বাতৰিকাকতে কোনো কাৰণতে ক’ৰোনাৰ বীজাণু নকঢ়িয়াইবুলি মন্তব্য কৰে৷ তেওঁলোকে এইক্ষেত্রত ৰাইজ নিশ্চিত থাকক আৰু চৰকাৰৰ যি নীতি–নির্দেশনা, সেয়া মানি চলিবলৈ আহ্বান জনায়৷ আনহাতে, দীর্ঘদিনীয়া বিতৰক জীৱনত এনেদৰে মুকলিকৈ সম্বর্ধনা লাভ কৰা অভিজ্ঞতা একেবাৰে বিৰল বুলি উল্লেখ কৰি ‘নিয়মীয়া বার্তা’–‘নিউজ লাইভে’ গ্রহণ কৰা এই উদ্যোগে মনোবল বৃদ্ধি কৰিব বুলি প্রকাশ কৰে৷

You might also like