নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষতিগ্রস্ত কৃষকক সকাহ দিবলৈ  বিশেষ আঁচনিৰ চিন্তাচর্চাঃ মন্ত্রী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লকডাউনৰ ফলত লখিমপুৰ জিলাত ৭১ হাজাৰ ১০৪ জন কৃষকৰ ক্ষতি হৈছে৷ এই ক্ষতিগ্রস্ত কৃষকসকলক ইতিমধ্যে ১৮ কোটি ৪২ লাখ টকাৰ সাহায্য দিয়া হৈছে৷ জিলাখনত আৰু অধিক ক্ষতিগ্রস্ত কৃষকৰ তথ্য দিবলৈ জিলা প্রশাসনক নির্দেশ দিয়া হৈছে৷– এই ভাষ্য কৃষিমন্ত্রী অতুল বৰাৰ৷

শুকুৰবাৰে বিয়লি প্রায় পাঁচ বজাত লখিমপুৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ চৌহদত মন্ত্রী বৰাই এখন সংবাদ মেলত এইদৰে কয়৷ জিলাখনত লকডাউনৰ প্রথম পর্যায়ত কৃষকসকল ক্ষতিৰ সন্মুখীন হৈছিল যদিও পৰৱর্তী সময়ত ক্ষতিৰ পৰিমাণ       কম হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ভেণ্ডৰৰ জৰিয়তে কৃষকৰ উৎপাদিত শাক–পাচলি আনি বিক্রীৰ ব্যৱস্থা কৰা বাবেই কৃষকে ক্ষতিৰ পৰা ৰেহাই পাইছে৷ ৰাজ্যত ৩৪ কোটি মান টকাৰ শাক–পাচলি লোকচান হোৱা বুলি তেওঁ কয়৷ কৃষকসকলক সকাহ দিবলৈ এক বিশেষ আঁচনি গ্রহণৰ বাবে ৰাজ্য চৰকাৰে চিন্তা–চর্চা কৰা বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা, পাৱাৰটিলাৰ প্রদান আদি আঁচনিৰ কামবোৰ খৰতকীয়াকৈ কৰিবলৈ তেওঁ বিভাগীয় বিষয়াক নির্দেশ দিয়া বুলি কয়৷

ইয়াৰ পূর্বে তেওঁ লখিমপুৰৰ বিধায়কত্রয় উৎপল দত্ত, মামুন ইমদাদুল হক চৌধুৰী, উপায়ুক্ত, কৃষি, পশুপালন আদি বিভাগৰ বিষয়াবর্গ, চেম্বাৰ অৱ কমার্চৰ বিষয়াবর্গৰে এক আলোচনাত মিলিত হৈ সামগ্রিক পৰিস্থিতিৰ বুজ লয়৷ মন্ত্রী অতুল বৰাৰ সৈতে অহা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্রী ফণীভূষণ চৌধুৰীয়েও সাংবাদিকক সম্বোধন কৰি ৰাজ্যত খাদ্য সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রসংগত কয় যে উৎসতে দাম বঢ়াৰ বাবে ৰাজ্যত খাদ্য সামগ্রীৰ মূল্যবৃদ্ধি ঘটিছে৷ দাইল, আটা, তেল, পিঁয়াজকে ধৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্রীৰ উৎপাদন যিহেতু ৰাজ্যত থলুৱাভাৱে নহয় আৰু বহিঃৰাজ্যৰ পৰা আমদানি কৰাব লাগে৷

বহিঃৰাজ্যত এনে সামগ্রীৰ মূল্যবৃদ্ধি হোৱা বাবেই অসমত কিছু ক্ষেত্রত মূল্যবৃদ্ধি হোৱা বুলি ৰাইজক তেওঁ আশ্বস্ত কৰে৷ আনহাতে, চৰকাৰে দৰিদ্র পৰিয়ালৰ বাবে আবণ্টন দিয়া চাউল নিম্নমানৰ অথবা পোক ওলোৱা বুলি সাংবাদিকে দৃষ্টিগোচৰ কৰাত তেওঁ এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি মন্তব্য কৰে৷

You might also like