নিয়মীয়া বার্তা, ২৫ এপ্রিলঃ মেৰাপানী আৰক্ষী থানাৰ অন্তর্গত ৰামপুৰৰ বুদ্ধিমান প্রধান (৬৫) নামৰ ব্যক্তিজনৰ নাগালেণ্ডৰ ৱখা জিলাৰ বাক্টি বস্তিত বৰমৌৰ কামোৰত বৃহস্পতিবাৰে নিশা মৃত্যু হয় ৷ বাতৰি মতে, বুদ্ধিমান প্রধানে ৰামপুৰৰ পৰা গৈ বাক্টিৰ এখন চাহবাগানত চকীদাৰ হিচাপে নিয়োজিত হৈ আছিল ৷ বৃহস্পতিবাৰে দিনত পত্নীসহ পাহাৰত খৰি লুৰিবলৈ যাওঁতে বৰমৌৱে দুয়োকে আক্রমণ কৰি গুৰুতৰভাৱে আহত কৰে ৷ ক’ৰোনাৰ পৰিপ্রেক্ষিতত চলি থকা লকডাউনৰ বাবে বৰমৌৰ কামোৰত আহত প্রধানক চিকিৎসালয়লৈ নিব পৰা নহ’ল ৷ ফলত ব্যক্তিজনে নিশা বিনাচিকিৎসাই মৃত্যুক সাবটি লয় ৷ ইফালে, লকডাউনৰ বাবে নাগালেণ্ডৰ প্রশাসনে ব্যক্তিজনৰ মৃতদেহটো অসমৰ ঘৰলৈ অনাৰ অনুমতি প্রদান নকৰিলে ৷ মেৰাপানীৰ ৰামপুৰৰ আত্মীয়–স্বজনে খেৰৰ জুমুঠিৰ প্রতিকৃতি সাজি অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰিব লগা হোৱাটোৱে পৰিয়ালটোক গভীৰভাৱে ব্যথিত কৰি তুলিছে ৷