নিয়মীয়া বাৰ্তা, ২৫ এপ্রিলঃ পাঁচ বছৰ ধৰি আধৰুৱা হৈ থকা লখিমপুৰৰ ডিক্রং নদীৰ মথাউৰিৰ বাবে পূর্বৰ চৰকাৰলৈ দায় ঠেলিলে ৰাজ্যৰ জলসম্পদ দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই ৷ শুকুৰবাৰে লখিমপুৰৰ উপায়ুক্ত কার্যালয়ৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রীগৰাকীয়ে এই মন্তব্য কৰে ৷ কেন্দ্রীয় মেগা প্রজেক্টত অন্তর্ভুক্ত হোৱা কেইবাশ কোটিটকীয়া মথাউৰিটো প্রায় পাঁচ বছৰে সম্পূর্ণ নোহোৱা প্রসংগত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী মহন্তই কয় যে পূর্বৰ চৰকাৰে এই মথাউৰিটো নির্মাণৰ বাবে সাতশ ঠিকাদাৰ নিয়োগ কৰিছিল ৷ অত্যধিক ঠিকাদাৰ নিয়োগ কৰা বাবেই মথাউৰিটো সম্পূর্ণ হৈ নুঠিল ৷ সম্প্রতি মথাউৰিটোৰ নির্মাণকার্য চলি আছে আৰু ৯৫ শতাংশ সম্পূর্ণ কৰা হৈছে বুলি তেওঁ কয় ৷
আনহাতে, নীপকোৱে প্রতিবছৰে ৰঙানদী প্রকল্পৰ পানী অত্যধিক ৰূপত খুলি দি লখিমপুৰক বিধ্বস্ত কৰি অহা প্রসংগত তেওঁ কয়– এই সন্দর্ভত ইতিমধ্যে মুখ্যমন্ত্রীসহ মন্ত্রী মণ্ডলী পর্যায়ত আলোচনা কৰা হৈছে ৷ জিলাৰ উপায়ুক্ত পর্যায়তো বিষয়টোক লৈ আলোচনা কৰা হৈছে ৷ নীপকোক অত্যধিক ৰূপত পানী এৰি দিয়া কার্য নিয়ন্ত্রণ কৰাৰ উপৰি পানী এৰি দিয়াৰ পূর্বেই জিলা প্রশাসনক অৱগত কৰাৰো নির্দেশ দিয়া হৈছে বুলি তেওঁ সদৰী কৰে ৷ উল্লেখ্য যে লখিমপুৰৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত মন্ত্রীগৰাকীয়ে বিভাগীয় মুৰব্বী বিষয়াবর্গ, উপায়ুক্ত, বিধায়কদ্বয় উৎপল দত্ত, দেৱানন্দ হাজৰিকা, মামুন ইমদাদুল হক চৌধুৰীৰ সৈতে শুকুৰবাৰে আলোচনাত মিলিত হয় ৷
এই সন্দর্ভত তেওঁ সাংবাদিকক কয়– বানৰ পূর্বেই মথাউৰিসমূহ মেৰামতি অথবা নির্মাণৰ কাম শেষ কৰা সন্দর্ভত বিতং আলোচনা কৰি যাৱতীয় নির্দেশ দিয়া হৈছে ৷ কম দিনৰ ভিতৰতে ইমানদিনে ব্যাহত হৈ থকা কামখিনি কেনেকৈ বানৰ পূর্বে সমাপ্ত কৰিব পৰা যাব, সেই সম্পর্কে বিতং আলোচনা কৰি আঁচনি প্রস্তুত কৰা হৈছে৷ আগন্তুক বাৰিষাৰ বানৰ পূর্বে মথাউৰিৰ আধৰুৱা কাম সম্পূর্ণ কৰিব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰে ৷ মন্ত্রীগৰাকীৰ আজিৰ কার্যসূচীত জিলাৰ উপায়ুক্তকে ধৰি অন্যান্য বিষয়াবর্গৰ লগতে বিজেপিৰ জিলা সভাপতি ফণীধৰ বৰুৱায়ো অংশগ্রহণ কৰে ৷