উত্তৰ–পূবত অৰুণাচল–মণিপুৰৰ পাছত ক’ৰোনামুক্ত হ’ল ত্রিপুৰা
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ভিতৰত তৃতীয়খন ৰাজ্য হিচাপে ক’ৰোনা মুক্ত হ’ল ত্রিপুৰা ৷ অৰুণাচলত এজন লোক সংক্রমিত হৈ আৰোগ্য লাভ কৰাৰ পাছত মণিপুৰতো সংক্রমিত দুয়োজন লোকেই ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷ শুকুৰবাৰে ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱে টুইটযোগে জনোৱা মতে, ৰাজ্যখনত চিকিৎসাধীন হৈ থকা দুয়োজন ৰোগীয়েই ক’ৰোনামুক্ত হোৱাত ৰিলিজ দিয়া হৈছে ৷ উল্লেখ্য যে উত্তৰ–পূবৰ ৰাজ্যসমূহৰ ভিতৰত অসমতেই সর্বাধিক ৩৫জন লোক আক্রান্ত হৈছিল ৷ ইয়াৰে এজন ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯জন লোক ৰোগমুক্ত হৈছে আৰু আন ১৫জন চিকিৎসাধীন অৱস্থাত আছে৷ আনহাতে, মিজোৰামত এজন লোক এতিয়াও চিকিৎসাধীন হৈ আছে ৷