নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্তত আবদ্ধ শ্ৰমিকসকলক নিজ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা বিধায়ক নোমল মমিনৰ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান, খটখটী আদি অঞ্চলত বিভিন্ন উদ্যোগ, কল-কাৰখানা, ইটাভাটা, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বোকাজান মহকুমাৰ বিভিন্ন স্থানত কৃষি কৰ্মত নিয়োজিত হৈ থকাৰ উপৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি থকা নগাঁও জিলাৰ শ শ শ্ৰমিক যোৱা ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা লকডাউনৰ বাবে লাহৰিজানত আবদ্ধ হৈ পৰিছিল ।

লকডাউনৰ সময়ছোৱাত এই লোকসকলক বোকাজান প্ৰশাসনে খাদ্যৰ যোগান ধৰিছিল যদিও এমাহ দিন ধৰি আবদ্ধ হৈ পৰা এইসকল লোক নিজ ঘৰলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে । সেয়ে শনিবাৰে বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন, বোকাজানৰ মহকুমাধিপতি দিলীপ তেৰাং, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস, খটখটী আৰক্ষী থানাৰ আৰক্ষী বিষয়া মব্লিক ব্ৰহ্মৰ নেতৃত্বত অতি তৎপৰতাৰে তিনিখন বাছত ২৫ জনকৈ মুঠ ৭৫ জন শ্ৰমিকক নগাঁও জিলাৰ নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰে । এই লোকসকলক গাড়ীত উঠাৰ পূৰ্বে বিধায়কগৰাকীয়ে এটাকৈ পানী বটল আৰু একোখনকৈ মাস্ক বিতৰণ কৰে ।

আনহাতে যিসকল শ্ৰমিক এতিয়াও লাহৰিজানত আবদ্ধ হৈ আছে, তেওঁলোকক অহা দুই, তিনিদিনৰ ভিতৰত নিজ ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব বুলি বিধায়ক ডাঃ মমিনে জানিবলৈ দিয়ে ।

You might also like