তালাপত ১১ অৰুণাচলফেৰতক আটক কৰি স্বাস্থ্য বিভাগক গতালে আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিল: অৰুণাচল প্রদেশৰ ৰয়িঙৰ পৰা পদব্রজে অহা ওদালগুৰিৰ ১১ ব্যক্তিক শনিবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ তালাপ আৰক্ষীয়ে সোধাপোছা কৰি চিকিৎসা বিভাগক গতাই দিয়ে৷ কর্মসংস্থাপনৰ তাগিদাত কেইমাহমান পূর্বে অৰুণাচল প্রদেশৰ ৰয়িঙলৈ গৈছিল দলটো৷ কিন্তু সম্প্রতি দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ পৰিপ্রেক্ষিতত বিগত এমাহ ধৰি অৰুণালতে আবদ্ধ হৈ থাকিবলগীয়া হয় উক্ত ১১ ব্যক্তি৷
খাদ্য সংকট আৰু কর্মসংস্থাপনহীনত্ ভোগা দলটোৱে উপায়হীন হৈ শনিবাৰে পুৱাই ৰয়িঙৰ পৰা স্বগৃহলৈ পদব্রজে ৰাওনা হৈ শদিয়াৰ দিশে অসমত প্রৱেশ কৰি ড০ ভূপেন হাজৰিকা সেতু অতিক্রম কৰি সন্ধিয়াৰ ভাগত তিনিচুকীয়া জিলাৰ তালাপ পাৰ হ’বলৈ চেষ্টা কৰে৷ স্থানীয় ৰাইজে তালাপ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তেওঁলোকক তালাপ আৰক্ষী চকীলৈ লৈ যায়৷
পৰৱর্তী সময়ত জিলা চিকিৎসা বিভাগৰ সৈতে যোগাযোগ কৰাত কাকপথাৰৰ পৰা চিকিৎসকসহ স্বাস্থ্য কর্মীৰ এটা দল আহি তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে৷